হেঙুলীয়া আবেলি

©Admin
0



মোৰ মন আজি  কিয় অথিৰ-অবিৰ
অগ্নিৰ শিখা ঢালি কোন গ'ল 
চকুৰ পতাত আবেগ সিঁচি 
কোন নো আতৰি  গ'ল 

নাওখনৰ বঠাপাত কাঢ়ি লৈ গ' ল ।

কোন  তুমি ৰ'দালি ...
তুমি কোৱা...ৰ' দালি কোৱা৷
সোণোৱালী পথাৰত সোণগুটি সিঁচি 
কোন তুমি?

কাঁইটেৰে দুহাত বাকুহি
কিয় গুচি গ'লা আবেলি...
মনৰ মায়া-ছাঁয়া হৈ   কোন তুমি ?
নৈ গৰাত নাও বান্ধি  
ৰ'লা  কিয় থমকি ।
হিয়াখন কঁপি কঁপি উঠিল 
মন জহি খহি  হেঙুলীয়া ৰ'দালিৰ সতে আতৰি গ'ল ।

হেঙুলীয়া ৰ'দালি৷
পানীৰ সোঁতত ঢৌৰ লগত উটিলে 
স্মৃতিৰ দোমোজা ভেদি 
হেঙুলীয়া ৰ'দালি 
সৰি ৰ'ল আবেলি ৷

📝ৰুমী কলিতা দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)