আধৰুৱা প্ৰেম কাহিনী - সত্যমৰ জীৱনী,খণ্ড - ১০

©Admin
0

এনেকৈয়ে দিন সপ্তাহ মাহ বাগৰি গৈ থাকিল আৰু সেই দিন আহিল যিটো দিনত আমি স্কুলৰপৰা বিদায় লব লাগিব দশম শ্ৰেণীৰ প্ৰতিজন ছাত্ৰছাত্ৰী মনত উৎসাহ যে কলেজ জীৱনত ভৰি দিবলৈ ওলাছো লগতে বেদনাও ছটা বছৰ এই স্কুলখনত কটোৱা পাছত হঠাৎ এৰিব লগা হৈছে আমি সকলোৱে নিজৰ মাজৰ গঢ়ি উঠা সম্পৰ্ক কেতিয়াও নিছিঙো বুলি এটাই আনটাক কথা দিলোঁ ময়ো কিৰ্ত্তিক কথা দিলোঁ যে মাজে সময়ে তাইক লগ কৰিম বুলি আৰু এনেদৰে আমাৰ স্কুলীয়া জীৱনৰ পৰিসমাপ্তি ঘটিল ৷

দুবছৰৰ পাছৰ কথা মই আৰু কিৰ্ত্তি কলেজৰ পৰা ওলাই ঘৰলৈ যাবলৈ ওলালো হাইৱেৰ কাষত ৰৈ আছো সেইসময়তে এজন ল'ৰা আহি নিজৰ পৰিচয় দিলে যে সিও এইখন কলেজৰে ছাত্ৰ নাম গোপাল তেতিয়াৰ পৰা গোপাল আমাৰ লগত থাকিবলৈ ল'লে আৰু সেইদিন আহিল যিটো দিনৰ কথা মই কাহানিও ভৱা নাছিলোঁ গোপালে মোক ক'লে যে সি কিৰ্ত্তিক বহুত ভালপাই কিন্তু তাইক কবলৈ সাহস গোটাব পৰা নাই ময়ে সহায় কৰিব লাগিব এই কথা শুনি মোৰ হৃদয়ত জোৱাৰ ভাটা আহিল কিন্তু মই নিজকে চম্ভালি ল'লো মই গোপালক কথা দি দিলো যে কিৰ্ত্তি আৰু তাক এক কৰাই দিম বুলি এই কথাষাৰ মই মোৰ বুকুত শিল ৰাখি কবলগা হ'ল ৷ আৰু গোপালে দিয়া চিঠিখন মই কি্ৰ্ত্তিৰ হাতত দিলোঁ কিৰ্ত্তিয়ে চিঠিখন মই দিয়া বুলি ৰংমনে খুলিলে আৰু যেতিয়া গোপালৰ নাম পঢ়িলে তাইৰ হিয়াত । ধুমুহা অহাদি হ'ল তাই মোক ক'লে " এইয়া কি তুমি মোক গোপালে দিয়া প্ৰেমপত্ৰ দিছা কিয় এনে কৰিছা মইতো তোমাৰ বাহিৰে কাকো ভাল নাপাও এই কথা তুমিও ভালকৈ জানা আৰু তুমি চিৰজীৱন মোৰ সৈতে কটাম বুলি যোবছৰৰ কৰম পূজাৰ দিনাখন কৰম ৰজাৰ  আগত পণ লৈছিলা এতিয়া ক'ত গ'ল তোমাৰ সেই পণ তাই কৈ আছে মই মাথোঁ শুনি আছো তাই আকৌ ক'লে তুমি মোক উত্তৰ দিয়া কি তুমি মোক ভালপোৱা নে নোপোৱা কোৱা মই তাইৰ চকুত চকু থৈ কথা কব নোৱাৰা হ'লো কিন্তু প্ৰেমে যে সদায় ত্যাগ আৰু বলিদান বিচাৰে সেই কথা মই জানিছিলো তাইক মই ক'লো " সেইয়া মোৰ ভুল আছিল মই তোমাক এতিয়া ভাল নাপাও আন কাৰোবাকহে ভাল পাওঁ " তাই মোক ঠেলামাৰি গুচি গ'ল আৰু যাওঁতে কৈ গ'ল এইয়া কিন্তু তুমি ঠিক নকৰিলা এদিন এই কথা উপলব্ধি কৰিবা বিদায় আজিৰপৰা তোমাৰ আৰু মোৰ মাজত কোনো সম্পৰ্ক নাই আৰু কেতিয়াও মোৰ ওচৰলৈ নাহিবা এনেদৰে কৈ কান্দি কান্দি গুচি গ'ল সিদিনা মোৰ জীৱনত প্ৰথমটো ধুমহা আহিছিল মই ভাঙি পৰিলোঁ কিন্তু নিজৰ প্ৰেমৰ ওপৰত অটুট বিশ্বাস থকাৰ বাবে সহজভাৱে লৈ ল'লো শেষত গোপাল আৰু কিৰ্ত্তিৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল আৰু এনেদৰে মোৰ আধৰুৱা প্ৰেম কাহিনীৰ সমাপন ঘটিল দিবাকৰে সত্যমৰ দুগালেদি বৈ অহা চকুলো মচি দিলে ৷

                     আগলৈ --                                         

 📝দুলাল ৰবিদাস         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)