নাৰী

©Admin
0
ধুনীয়া নহ'লে হিয়াখনি
নহয় ধুনীয়া কোনোৱে নাৰী
বুটলি তলসৰা শেৱালী
মৰমৰ মালা গুথিব পাৰে যি জনী
সেইজনীহে ধুনীয়া নাৰী !

আৱৰ্জনাৰে পৰিপূৰ্ণ স্বত্বেও
যিদৰে স্বচ্ছ যিদৰে নিৰ্মল পানী
শুনিছানে আজিৰ নাৰী 
তেনে হ'ব পৰা গুণ
হৃদয়ত ৰাখিছানে বাৰু তুমি ?

মাতৃ-ভগ্নী আৰু  বুকুৰ আপোনজনী
নোহোৱানে বাৰু তুমি
তুমি সৃষ্টিকাৰী তুমিয়ে ধ্বংসকাৰী
তথাপিতো ধুনীয়া নহ'লে হিয়াখনি
নহয় ধুনীয়া কোনোৱে নাৰী !


📝টোলন তছা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)