পোহৰ

©Admin
0
নিজান কুঠৰীত বহি
বাট চাই আছো
সেই দিনটোলৈ বুলি
যিদিনা আহিব
এটি কলি দুটি পাতৰ জীৱনলৈ
এচমকা পোহৰ
সিদিনাই অন্ধকাৰৰ মায়াজাল
চিৰদিনলৈ নি:শেষ হৈ পৰিব
বুঢ়া শিৰীষৰ চুবুৰী
আলোকিত হব
সুৰীয়া গান ভাঁহি আহিব
ইতিহাসৰ উকা পৃষ্ঠাবোৰ
জ্ঞানবৃক্ষৰ ফলেৰে হবহি পৈণত।


📝নবীন কুৰ্মি
 সাপেখাতী, চৰাইদেউ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)