সময়ত হঁহুৱাই সময়ত কন্দুৱাই
মৰমৰ অভিমানে অজানিতে
বুকুৰ জুৰাই।
মৰমবোৰ এনেকুৱাই…
উজাগৰি ৰাতিবোৰত
এহেজাৰ নিশাৰ সাধু শুনাই
এচেৰেঙা জোনাক হৈ বুকুলে উজাই।
মৰমবোৰ এনেকুৱাই…
পাতে ভাঙে ভাৱনাৰ বালিচৰ
বিশ্বাসৰ চাপৰিত বিৰিণা গজাই
মনৰ গৰা চপৰা চপৰে খহাই।
মৰমবোৰ এনেকুৱাই……
নিলাজী বনৰ দৰে কলিজাত শিপাই।
📝প্ৰবিন দত্ত ,শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ