তুমি আহিবা বুলি

Rinku Rajowar
0
তুমি আহিবা বুলি………….                                      
সেউজীয়া চাহ বাগিছাৰ মাজত 
সেউজ প্ৰেমত    
তুমি আৰু মই 
অতৃপ্ত শৰৎৰ বীভৎস সন্ধিয়াত
সোণসৰা হেঙুলি বেলিৰ 
আবিৰ সানি ললোঁ গালে-মুখে 
এখন অমল হিয়াৰ সন্ধানত 
পুন: প্ৰত্যাৰ্ৱতন কৰো অতীতলৈ |
তুমি আহিবা বুলি…………...
হৃদয়ত মৰ্হাঘ্য কবিতাৰ উৎসৱ পাতিছিলোঁ 
আকাশৰ তৰাই ধৰণীক চোৱাৰ দৰে
মইয়ো তোমাক চাই থাকো
স্হিৰ মই হ’ব নোৱাৰো
কেনেকৈ বুজাওঁ মোৰ ব্যাকুলতাৰ কথা
আশা নিৰাশাৰ মাজতো 
চাহ বাগিচাৰ যাযাবৰী জীৱনত 
চৌদিশে উৰিছে 
ৰূপান্তৰৰ ভেটি 
প্ৰতিক্ষণে প্ৰতিপলে
এনেকৈ দিন ৰাতি কাতি কৰি
উৰুখা পজাঁৰ সপোনবোৰ লৈ 
এমুঠি পোহৰৰ সন্ধানত 
মই যে বন্দী।

📝জয়ন্ত কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)