অস্তিত্ব বিহীন জীৱন

©Admin
0


ৰাতিৰ আকাশৰ জোনাকীয়ে
চুই যায় মোৰ এটি এটি পল,
প্ৰভাতৰ ফুলে দুবৰি নিয়ৰে
চুই যায় মোৰ এটি এটি ক্ষণ।

জোনাকী দেশত মোৰ মনৰ নিজানত
প্ৰতি মুহূৰ্তত সদায় তুমি মোৰ,
এবুকু আন্ধাৰৰ মাজত
নিজৰ অস্তিত্বক বিচাৰি ফুৰা,
আশা নিৰাশা বোৰ।

মোৰ এই আবেগিক হৃদয়ে
বিচাৰে মাথোঁ তোমাক 
মোৰ হৃদয়ত ৰজনী ধূসৰ 
টামাছা নামে ,
মোৰ চকুৰ পতাত ধুমুহা সানে
তোমাৰ এই অভিমানী প্ৰেমে।।

📝নাৰায়ন বৰা 
লংকা কাকী ৩
জিলা: হোজাই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)