কৃষিভিত্তিক লোক উৎসৱ বাইখো (অন্তিম খণ্ড)

Rinku Rajowar
0
( যোৱা সংখ্যাৰ পিছৰ পৰা )
ছাথাৰ গীত গাওঁতে ডেকা-গাভৰুৱে পৰস্পৰে পৰস্পৰক হাতত, কঁকালত , ধৰি উদ্দাম নৃত্য কৰে | সাধাৰণতে ৰাতি ভাগত এই নৃত্য গীতবোৰ অনুষ্ঠিত কৰা হয়  |
     প্ৰকৃতি দেৱী বাইখোৰ সন্তুষ্টিৰ বাবে আয়োজন কৰা নৃত্য-গীতবোৰত কৃষিজীৱী ৰাভা সকলৰ মনত পুনৰ নতুন প্ৰেৰণাৰে কৃষিত মনোনিবেশ কৰিবলৈ প্ৰেৰণা যোগায় | নতুন উদ্যমেৰে প্ৰকৃতি দেৱীক সন্তুষ্ট কৰ্ পথাৰত মন প্ৰাণ সপি দিয়ে | পৃথিৱীৰ বিভিন্ন জনগোষ্ঠীয়েও কৃষিকাৰ্য আৰম্ভ কৰাৰ আগতে বিভিন্ন সমাহাৰেৰে প্রকৃতি পূজা কৰিছিল | মায়া সভ্যতা আৰু ইনকা সভ্যতাত এই উদাহৰণবোৰ ভালদৰে পোৱা যায় |
   যিয়েই নহওক ৰাভা জনগোষ্ঠীৰ কৃষিভিত্তিক পৰব পৃথিৱীৰ যি কোনো পৰবৰ তুলনাত কম নহয় | বাইখো উছব হৈছে ৰাভা জনগোষ্ঠীৰ উন্নত আৰু আধ্যাত্মিকতাৰে ভৰা এক মাংগলিক উছব | বাইখো উছবে পৰস্পৰৰ মাজত অসুয়া ভ্ৰান্ত ধাৰণাবোৰ দূৰ কৰি বাইখো উছবে আনি দিছে এক অনাবিল আনন্দ | এই অনাবিল আনন্দ অসমৰ প্ৰত্যেকটো জাতি-জনগোষ্ঠীৰ মাজত চিৰ প্ৰবাহমান তটিনীৰ দৰে বৈ থাকিব | ই কোনো কালে স্তব্ধ নহয় | বাইখো উছবে সকলোৰে মাজলৈ শান্তি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনক |   (সমাপ্ত)

 📝 হেমেন হাজৰিকা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)