ফ্লেট নম্বৰ B12

Rinku Rajowar
0
   নতুন আশালৈ
   সোণালী ভৱিষ্যতৰ
   অযুত কল্পনাৰে
   এটা ঘৰ লাগে
   নতুন চিনাকি এটা  |
  টালি টোপোলাবোৰ
  জাৰি জোকাৰি
  যিবোৰ কপাহ ওলাল
  তাৰে এটা গাৰু সাজি
  কপালত তিলকটো 
  লগাই ললে ---
  Flat  No B__ 12
  পেটত গামোছা বান্ধিলেও
  চিনাকিটো স্থায়ী হ'ল
  এটা ঠিকনা হল  |
  প্রফেচাৰ কলনী 
  Flat  no B__12
  মানুহটোৱে ভালকৈ
  উশাহ লব পৰা হল  |
  শান্তিৰে টোপনী মাৰিব
  পৰা হ'ল  |

  📝 হেমেন হাজৰিকা
           মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)