নীলা আকাশৰ তলত

©Admin
0
ধৰাৰে মৰম উপজে
নৱপ্ৰভাত আনে ৰঙা সূৰুযেে
লিৰৰ টোপাল সৰে
সেউজী ঘাহঁনিতেে ৷
জিলিকে মণি মুকুটাৰ দৰে
 মইনাই চকু মেলে 
চেঁচা মলয়াৰ স্পৰ্শতে
নামঘৰত ডবা বাজে
পখীগণ নীল আকাশতে
কিৰিলি মাৰি উৰে ৷

প্ৰেমৰ ৰাগিণী বাজি উঠিছে
মন মিলনৰ ঘাটতেে
সেউজীী পথাৰে,
সোণালী ৰং সানে 
এজাক ৰঙচঙীয়া পখিলা

আহি বহে ফুলতে ৷
সন্ধিয়া পৰতে 
ডমডম ডবা বাজে
পখীগণ বাহলৈ ওভতে 
নিশাৰ আকাশত ৷

📝দুলাল ৰবিদাস





Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)