আপদাল কৰোঁতে যেতিয়া
সিদিনাৰ পেন্দুকনা পোখাটিয়ে়
মুৰ চেৰাই গ'ল
মনত পৰিলে চেমনীয়া বয়সতে
এদিনাখন দেউতাই কোৱা কথা -
মোৰ বোপাই
আজি তই মোক চেৰাই গলি
এতিয়াৰ পৰা তই বন্ধু হ'লি
আৰু নহৱ পুতাই
তই ঠন ধৰি উঠি
আকাশলৈ হাত মেলিবি
মই হালি পৰিম
বয়সৰ ভাৰেৰে লাহে লাহে
ইমান দিনে তোক
চোৱা-চিতা কৰিলোঁ
লাহে লাহে তই চাবি মোক
হঠাতে বজ্র পৰাদি
নৰীয়া পাটিত পৰি
মোৰ সহায় লোৱাৰ আগতে
অকালতে গুচি গল মোৰ পিতাই
মাথোঁ খঁহটা কাগজত
এঙাৰ কলীয়া হাতৰ সাঁচ ৰাখি
ডেকা মাউৰা হলোঁ মই
অলীয়া বলীয়া হৈ
ফুৰিলোঁ অনাই বনাই
উৱঁলি যোৱা পঁজাত
লাগিল নতুন খেৰ
ঘৰ বান্ধিলোঁ মই ন’কঠীয়া তলীত
যিদিনা মোৰ মানুহজনীয়ে
কণমানি টিকলাটোক
মোৰ কোলাত তুলি দিলে
সঁচাই দেউতা আহিল যেন ঘুৰি কোলাতে
মোৰ মাইনা হৈ
চকুৰ আগতে লহপহকৈ
খোপে খোপে বাঢ়ি আহে সি
জীপাল হয় মোৰ আশা
দেউতাই কোৱা কথা কি'ফাঁকি হে
মোৰ সাঁচতীয়া ধন
তাক গটাই দিবলৈ
আজি চুৱে কালি চুৱে তাৰ মুৰ
মোৰ ঘামে তিতা
অকালতে বলিৰেখা অঁকা কপালত
আশা পালি থাকোঁতে সিদিনা
কাকো একো নোকোৱাকৈ
কৰবালৈ গুচি গ'ল
মোক নিঠৰুৱা কৰি থৈ
ঔকানে ৰৌকানে শুনো হেনো
যূঁজিবলৈ কোনো বিদেশৰ পৰা
হাতত বন্দুক লৈ
লাহে লাহে একো নুশুনা হ’লোঁ
বজ্র পৰা ময়ো হ'লোঁ
অকালতে হালি পৰি
কেতিয়া জানো তিনি শিৰীয়া হলোঁ
খেতি পথাৰ সকলো এলাগী
বাৰী চোৱাচিতা কৰোঁ
এইটো মোৰ ডাঙৰ পোনা
সৌটো সৰু আইজনী
ভেদাই লতাটো
শোকে বাউলী হৈ গুচি যোৱা
মোৰ মৰমৰ মানুহজনী
পঁজাৰ গা'তে জীপাল হোৱা নিমজোপা
মোৰ হেৰাই যোৱা বাপধন
তাকে চোৱাচিতা বেছিকৈ কৰোঁ
তাৰে স'তে মোৰ মাতবোল -
তই তো নেযাৱ মোক এৰি বাপ
জীয়াই থাকিম তোকে লৈ
ভেদাই লতায়ো পাক-প্রকাৰে
ধিয়াই আহে
তাকে সাৱটি আৱৰিবলৈ
বুজাই মেলি তাইক থওঁ আঁতৰাই
মৰমেৰে চেপি নামাৰক বুলি
গুৰি নিকাই
সাৰ দি লৈ
পানী ঢালি সিদিনা
পোন হৈ
নিমজোপালৈ চকু মেলোঁতেই
চাওঁ তাৰ আগপাত
মই ঢুকি নোপোৱা হ'ল
চিঞঁৰি কওঁ ভেদাই জোপাক-
সোণতৰা -
আমাৰ বোপাই ডাঙৰ হৈ
আজি মোক চেৰাই গ'ল
তাৰে ঠেঙুলিৰ আঙুলি ধৰি
যাব দিন কিটা এতিয়া আমাৰ
লাখুটি আমি পালোঁ
লাহেকৈ ভেদাইৰ আগলতি এটা আনি
নিমজোপাৰ গাতে দিও
বগোৱা বগাবলৈ
📝জ্যোতিষ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ