দ্বিতীয় দিনা স্কুলৰ পৰা আহি সৌৰভ দোকানলৈ গ'ল দোকানত তাৰ কৰ্মপটুতা দেখি মালিকে তাক বৰ ভাল পোৱা হ'ল লাহে লাহে দোকানৰ গ্ৰাহকৰ ভিৰ বাঢ়িল ৷ মালিকে তাৰ কামৰ প্ৰতি সুখী হৈ প্ৰতিমাহে পাঁচ হাজাৰ টকাকৈ দিবলৈ ধৰিলে এনেদৰে দিনত স্কুল সন্ধিয়া কাম কৰি কৰি সৌৰভে মেট্ৰিকৰ পৰীক্ষা দিলে ৰিজাল্ট ভৱামতে নহ'ল দ্বিতীয় স্থান প্ৰাপ্ত কৰিলে শিক্ষক সকলে সৌৰভৰ জীৱন সংঘৰ্ষৰ কাহিনী গতিকে সকলোৱে তাৰ ৰিজাল্টৰ প্ৰতি সন্তুষ্টি লাভ কৰিলে ৷ সৌৰভ স্কুলীয়া জীৱন সামৰি কলেজৰ মুক্ত আৰু স্বাধীন জগতত ভৰি দিলে ৷
কলেজ জীৱনতো স্কুলৰ দৰেই নিজৰ কৃতিত্ব প্ৰদৰ্শন কৰি সুখ্যাতিৰে বি এ পাছ কৰি কৰ্ম জীৱনত প্ৰৱেশ কৰিলে ৷ এই কৰ্ম জীৱন কিন্তু বৰ সংঘাটৰে ভৰা পদেপদে সংগ্ৰাম এটাৰ পাছত এটা ইণ্টাৰভিউ দি দি শেষত গুৱাহাটী এয়াৰটেল অফিচত বাৰ হাজাৰ টকাৰ চাকৰি এটা পালে ৷ এবছৰ কাম কৰি স্বৰচিত গীত এটি উলিয়ালে ৷ তাৰ এই প্ৰচেষ্টা সাৰ্থক হ'ল এটাৰ পাছত এটা গান এনেদৰে দুই বছৰত সৌৰভৰ নাম অসমৰ চোকেকোণে ল'ৰা ডেকা বয়স্ক সকলোৰে মুখত সৌৰভৰ গান নৱপ্ৰজন্মৰ কণ্ঠৰ যাদুকৰ হিচাপে সৌৰভ খ্যাতি লাভ কৰিলে ৷
মাই গল্ডেন ফিউচাৰ নামৰ ইংৰাজী চিনেমা এখনত গান গাবলৈ তাৰ অফাৰ আহিল সৌৰভ এদিন আমেৰিকালৈ ৰাওনা হ'ল ৷ গানৰ ৰেকৰ্ডিং কৰি অসমলৈ ঘূৰি অহাৰ পাছত মিডিয়াই তাৰ ইণ্টাৰভিউ ৰাখিলে তাক সুধিলে আপোনাৰ সফলতা ৰহস্য কি? সৌৰভে একেষাৰতে ক'লে মোৰ সফলতাৰ ৰহস্য হ'ল সংঘৰ্ষ ৷ কিছুদিনৰ পাছত সৌৰভে এগৰাকী সুন্দৰীৰ সৈতে বিয়াপাশত আবদ্ধ হ'ল দুই বছৰ পাছত সৌৰভে এটা পুত্ৰ সন্তান লাভ কৰিলে তাৰ সন্তান তাৰ নিছিনাকৈয়ে মেধাসম্পন্ন এনেকৈ সৌৰভে সংঘৰ্ষৰ পৰা সফলতা প্ৰাপ্ত কৰিলে ৷
সমাপ্ত
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ