কলিজাতো ভাঙিচিল ।
কলিজাৰ তেজবােৰ চিটিকি পৰিছিল
সৰ্ব্ব শৰীৰত ॥
তেজৰ চেকুৰাৰ
মাজৰাতিৰ কান্দোনত
সাৰ পাই উঠিছিলো ॥
ভঙা হলেও কলিজা এটা লাগে ।
ভঙা কলিজাতোৰ অস্ত্ৰোপচাৰ ময়েই
কৰিব লগীয়াত পৰিল ।
নহলে যে - নচলে জীৱন ॥
ভাৱো ।
নিলিখো নিলিখো কবিতা ।
কবিতাই ভাৱে
সচাঁ ছৱিখন
কেনেকৈ নকাকৈ থাকো ?
ভঙা কলিজাৰ ম্যাদ
কিমান দিন
কোনেও
ক'ব নোৱাৰিব ॥
🖍মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ