কবিৰ বাবে দিন আৰু ৰাতিৰ প্ৰাৰ্থক্য নাথাকে ।
কবিয়ে সময় বুজি নাপায় - অনুভৱত
থাকে ।
কবিয়ে নিজেই নাজানে - তেওঁ কেতিয়া কবিতা লিখিব ।
কবি আৰু কবিতা সদায় প্ৰেমত মগ্ন ।
কবিৰ মন স্থবিৰ নহয় ।
কেতিয়াবা
নিশ্বাসত উৰাই
সুখৰ ফুলজাৰি
আৰু
উশাহত টানে শােকৰ চাবিকাঠি ।
কবিয়ে শােকক শুহি লয়
লেখনিত শুকুৱাই লয় চকুলো ।
মন গলেই আনিব পাৰে
দুয়ােপাৰ উপচাই
চকুলোৰ ব্ৰহ্মপুত্ৰ ।
কবিয়ে হাঁহে আনৰ বাবে
কবিয়ে কান্দে আনৰ বাবে
কবিয়ে নেভাৱে নিজৰ বাবে ।
শব্দৰ চাবুক ডাল লৈ কবি ঘূৰি ফুৰে
মন গলেই ভাল শব্দবােৰ চাবুকাই দিয়ে
শব্দবােৰে - অৰ্থ হৈ ধৰা দিয়ে
তোমাৰ - আমাৰ - মনত ।
কবিয়ে নুবুজে সময় ৷
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ