এৰি অহা দিনৰ সৰু সৰু কথাবোৰ

Rinku Rajowar
0
একে একে দুই
       একে দুইয়ে তিনি
       একে তিনিয়ে চাৰি
       একে চাৰিয়ে পাঁচ...   
       সিদিনা ধাৰাসাৰ বৰষুণ দি থকাৰ সময়ত, নতুনকৈ ব্লক-ইটাৰে নিৰ্মাণ কৰা নিৰ্জন পথত মই মহাবিদ্যালয়ৰ ঐক্যসাজ পৰিধান কৰি কলেজলৈ বুলি ওলাই গৈছিলো|হাতত খামোচি ধৰি আছিলো এখন ডাঙৰ কলা ছাতি|কিন্তু, ধোঁৱা বৰণীয়া আৱৰণৰ সৃষ্টি কৰি ধাৰাসাৰে জৰজৰকৈ দি থকা বৰষুণজাক ভেদি দ্রুতগতিত গতিমান মোৰ খোজ হঠাতে থমকি ৰ'ল| ঐক্যতানত তীব্র ঝঙ্কাৰ তুলি মোৰ কাণলৈ ভাহি অহা এমখা কণ কণ ছাত্র ছাত্রীৰ শব্দ শুনি মই ঘূৰি চাইছিলো|মই দেখিলো, মোৰ আদিপাঠৰ পাঠশালা-"লেঙ্গেৰীজান চাহ বাগিচা প্রাথমিক বিদ্যালয়"|মোৰ বাবে এক দৃষ্টিনন্দন দৃশ্য| স্কুলখনৰ একো পৰিবৰ্তন হোৱা নাই, কেৱল নতুনকৈ সাত আঠবছৰ আগতে পঞ্চমশ্রেণীৰ বাবে এটা শ্রেণীকোঠা নিৰ্মাণ কৰা হৈছে আৰু কেঁচা তেলচূণৰ প্রলেপ দিয়া হৈছে| মই লক্ষ্য কৰিলো, শ্রেণীৰ এজন ছাত্ৰই নেওঁতা পাঠ কৰাৰ পিছত তাৰ লগে লগে সকলোৱে ছাত্রজনৰ অনুসৰণ কৰি গোটেই শ্রেণীটোৱে চিঞৰি চিঞৰি যোগ নেওঁতা আওৰাবলৈ ধৰিলে|

               হঠাতে মানসপটত ভাহি উঠিল এৰি অহা দিনৰ এখন জীয়া ছবি, গছৰ ছাঁৰ তলত ঘূৰণীয়াকৈ থিয় হৈ সকলো একেলগে চিঞৰি চিঞৰি এনেকৈয়ে নেওঁতা মাতিছিলো| আজি পৰ্য্যন্ত মনত আছে, সেই তাহানিতে শিকা সৰু নেওতা, মাজু নেওঁতা|কিন্তু সেই গছজোপা আজি নাই, যি গছজোপাৰ তলত আমাৰ স্মৃতি জীয়াই থাকিব লাগিছিল|এজোপা বগৰি গছ আছিল| নতুন শ্রেণীকোঠাৰ বাবে ঠাইৰ প্রয়োজন হোৱাত গছজোপা কাটি পেলোৱা হ'ল| হয়তো আপুনিও তেনেকৈয়ে নেওঁতা মাতিছিলে| সৰু স্মৃতি,যদিও তাৰ প্ৰাসংগিকতা আজিও আছে|সেই তাহানিতে শিকা নেওঁতাৰ ব্যৱহাৰিতা আজিও আছে| যোগ কৰোতে, বিয়োগ কৰোঁতে, খাতাবহী বা ঘৰুৱা বাজেটৰ হিচাব নিকাচ কৰোতে| আছে, আজিও প্ৰাসংগিকতা আছে সেই দিনবোৰৰ কিছুমান সৰু সৰু কথাৰ| আপোনাৰ বাবেও, মোৰ বাবেও|

সঁচাকৈয়ে, কত যে বছৰ, মাহ, আৰু গ্ৰীষ্ম-বসন্ত ঋতুবোৰ পাৰ হৈ গ'ল, হিচাব কৰিব নোৱাৰা শৈশৱৰ কিমান যে বৰষুণ বৰষিল, তথাপি অতীতৰ কতনা সোণালী দিন কাগজত নিলিখাকৈয়ে মানসপটত জীয়া ছবি হৈ ৰ'ল-এৰা বহুত পিছত, স্কুলীয়া জীৱনৰ অস্ত আৰু কলেজীয়া জীৱনৰ উদয়ৰ সময়ত মই ডায়েৰি লিখিবলৈ আৰম্ভ কৰিছিলো|কিন্তু,সেই ডায়েৰিৰ মাজতো সেই তাহানিতে লিখা দুই এখনমান অনুভৱৰ দস্তাৱেজ সমল হিচাপে আছে, এৰি অহাদিনৰ সৰু সৰু স্মৃতি হয়|
              
               সেয়ে, ডায়েৰিৰ পৃষ্ঠাবোৰ কেতিয়াবা লুটিয়ালে আজিও মনত পৰে, এখোজ দুখোজকৈ আগুৱাই যাবলৈ পিছফালে এৰি অহা দিনবোৰৰ কিছুমান সৰু সৰু কথাবোৰলৈ|

               সেই সৰু সৰু কথাবোৰতে নিহিত হৈ আছে, মোৰ ছাত্রজীৱনৰ অংকুৰণৰ কালছোৱাত লাভ কৰা সৰু সৰু শিক্ষা| সৰু যদিও অতুল্য| সেই সৰু সৰু কথাবোৰৰ শিক্ষা কেতিয়াবা মা-দেউতাই দিছিল নতুবা কেতিয়াবা শিক্ষাগুৰুৱে|নিজৰ নামেৰে সৈতে প্রথম পৰিচয় দিয়াৰ সময়ত যে নমস্কাৰ দি ক'ব লাগে, মা-দেউতাই শিকাইছিল| তেতিয়াৰে পৰা, যেতিয়াই কোনোবাই মোৰ নাম-পৰিচয় সুধিছিল, মই তেতিয়াই দুইহাত যোৰ কৰি, মূৰটো সামান্য দোঁৱাই, অলপ উচ্চস্বৰত সুৰ দি কৈছিলো-"নমস্কাৰ, মোৰ নাম শ্রী ৰোহিত তাঁতী|" আইতা, খুড়া-খুড়ী, বৰমা-বৰতা, মা-পিতাই, দাদা-বাইদেউৰে ভৰা ঘৰুৱা পৰিবেশতে শিকিছিলো আমাৰ সংস্কৃতিৰ এই সজ-সংস্কাৰ| কিন্তু আজিৰ দিনবোৰলৈ দৃষ্টি ঘূৰাই চালে আক্ষেপ হয়, সেই সংস্কাৰ জানো আমাৰ মাজত আজিও আছে? আজিৰ সৰু সৰু ল'ৰা-ছোৱালীক তেওঁলোকৰ নামবোৰ সুধিলে এনেধৰণৰ উত্তৰ আহে-"My name is (Something)|মৃদু হাঁহি মুখত ফুটি উঠে তেতিয়া|একশ্রেণীৰ অভিভাৱককো দেখোঁ, নিজৰ সন্তানক মোৰ সৈতে যেতিয়া চিনাকি কৰাই দিয়ে, তেতিয়া নিজৰ সন্তানক কয়, -"বাবা, দাদাক হেল' বুলি কোৱা| কোৱা, what is your name?কোৱা, কেনেকৈ নাম ক'ব শিকাইছিলো| প্রকৃততে সেই মুহুৰ্তত মোৰ মগজুত অন্য কথা এটাহে ঘূৰি থাকে| তেওঁলোক সৰু, কিন্তু যিটো সময়ত আমাৰ নমস্কাৰ দিয়া সংস্কৃতিটোক বিশ্বই আকোঁৱালি লৈছে সেই সময়ত আমাৰ সংস্কৃতিত নিজৰ পৰিচয় দিয়াৰ সময়ত যে প্ৰণাম দিয়া হয়, এই নিচেই সৰু কথাটো কোনে শিকাব লাগিছিল? কিয় হেৰাই যাব দিয়া হৈছে, যেনেকৈ পাশ্চাত্যকৰণত আমি নিজৰ বহুখিনি হেৰুৱাব লগা হ'ল|নিজৰ পোছাক, নিজৰ খাদ্য, নিজৰ ইতিহাসৰ গৌৰৱ, আনকি কেতিয়াবা কেতিয়াবা আমাৰ নিজৰ সাহিত্যও|মোৰ আৰু আপোনাৰ সৌভাগ্য ঘটিছিল, সেই এৰি অহা দিনৰ পৰিৱেশে আমাক এই সুৱৰ্ণ সুযোগ দিছিল যাৰ বাবে আমি সেই সংস্কাৰ শিকিব পাৰিলো| যদিও আশাৰ পোহৰ ক্ষীণ, তথাপি আজিও এনে বহু পিতৃ-মাতৃক নিজৰ সন্তানক শিকোৱা দেখিছোঁ,  শালীনতাৰে কেনেকৈ নিজৰ পৰিচয় আনক দিব লাগে|তেওঁলোক শিকায়-"বেটা, তেনেকৈ পৰিচয় নিদিয়ে নহয়| নমস্কাৰ দি নামটো কোৱা|" সেয়ে মই সদায় আশাবাদী|
নিজৰ আদিপাঠৰ হেঁপাহৰ পাঠশালাখন এপলক চাই লোৱাৰ পিছত সেই ঠাইডোখৰ এৰি মই বাছৰ অপেক্ষাত বাছষ্টপ'ত ৰৈছিলোগৈ|বৰষুণজাক তেতিয়া থমিছে|আকাশত আৱিৰ্ভাৱ হৈ উঠিছিল সপ্তৰঙ্গী ইন্দ্রধেনু| হঠাতে মেঘৰ গৰ্জনৰ দৰে শব্দ কৰি এখন এৰ'প্লেন আকাশ মাৰ্গেদি উত্তৰ দিশে উৰি গৈছিল| লগে লগে মোৰ মনটোও উৰি গুচি গৈছিল তৃতীয় শ্রেণীৰ এটা দিনলৈ|মোৰ বয়স তেতিয়া ন বছৰমান হ'ব| এদিন মাতৃভাষা পঢ়োৱা বাইদেউ গৰাকীয়ে এৰ'প্লেনক লৈ বাক্য ৰচনা কৰিবলৈ দিছিল| দুটামান ৰচনা মই নিজে সাজি লিখিছিলো যদিও এৰ'প্লেনৰ বাক্যৰচনাটো ৰুবুল নামৰ শ্রেণীৰ চোকা ল'ৰা, মোৰ সহপাঠী বন্ধুজনৰ পৰা চাই লিখিছিলো-"মই এৰ'প্লেনত উঠি গুৱাহাটীলৈ গৈছিলো|"তাৰপিছত বাইদেউক দেখুৱালো| দুটা ৰাইটো দিলে | কিন্তু শেষৰ বাক্যৰচনাটো এশ শতাংশই ৰুবুলৰ সৈতে মিল হোৱা দেখি ঘেচ কৰে ৰঙা কলমেৰে কাটি পেলালে আৰু খঙতে কাণত ধৰি টানি আনিলে ওচৰলৈ আৰু ক'লে:"নকল কৰি লিখিছ| কেতিয়াবা এৰ'প্লেনত উঠি পাইছ?" এৰা এগৰাকী বাইদেউৰ মুখত এনে বাক্য শুনি হয়তো আপুনি হতবাক হৈছে, কিন্তু ৰ'ব|পিছদিনাখন তেওঁ "ৰাঘ বৰালি" পাঠটো পঢ়াই থাকোতেই হঠাতে মেঘৰ গৰ্জন হ'ল, ডাৱৰ বিদাৰি এখন এৰ'প্লেন স্কুলৰ ওপৰেদি পাৰ হৈ গ'ল তেতিয়া বাইদেউ আমাৰ সকলোকে তৎক্ষণাতে বাহিৰলৈ লৈ আহিল আৰু উৰাজাহাজখন দেখুৱালে আৰু ক'লে-" কালি কোনে কোনে এৰ'প্লেনত উঠাৰ কথা বাক্য ৰচনাত লিখিছিলি, হাত দাঙ|"মোৰ লগতে ৰুবুলে হাত দাঙিছিল, তেতিয়া তেওঁ কৈছিল-"ভাল কথা, আজি গৈ সেই বাক্যটো পঢ়িবা আৰু দহ পেজ লিখি আনিবা| এটা সপোন সাজিবা, যে এদিন নিশ্চয় এৰ'প্লেনত উঠিম| ঠিক আছে|" মোৰ মুখ জিলিকি উঠিছিল, নিজকে সুধিছিলো, কাগজত লিখিলে মোৰ এৰ'প্লেনত উঠাৰ সপোন পূৰণ হৈ যাব?
সিদিনা শিকিছিলো, সপোন দেখিবলৈ, সৰু সৰু মন কিন্তু ডাঙৰ ডাঙৰ সপোন| কাগজখন নাজানো ক'ত হেৰালে য'ত মই লিখিছিলো:মই এদিন এৰ'প্লেনত বহি উৰি যাম|  কিন্তু সেই সপোন আজিও বৰ হেঁপাহেৰে মনত সাঁচি থৈছো| মোৰ শৈশৱৰ সপোন| সঁচাকৈয়ে, সৰু সৰু কথা নহয় জানো(?) কিন্তু কিমান যে নষ্টালজিয়া আৰু প্ৰাসংগিক!

               সেই দিনটো আছিল, মোৰ সপোন দেখাৰ দিন| আজিৰ যিটো দিন, সেই সপোনক পাখি দিয়াৰ দিন|ভৱিষ্যতৰ যিটো দিন হ'ব, সেইটো মোৰ সপোন পূৰণ হোৱাৰ দিন হ'ব| 
           
          তৃতীয় শ্রেণীৰ ৰাঘ বৰালি নামৰ পাঠটি মনত আছেনে? -য'ত বৰালি মাছে নিজতকৈ সৰু সৰু মাছবোৰক খাই শেষ কৰি পেলাইছিল আৰু শেষত সৰু সৰু মাছবোৰে যে মেল পাতি বুদ্ধি সাজিছিল বৰালি মাছটোক এসেকা দিবলৈ? সৰু সৰু মাছ কিন্তু কিমান যে বুধিয়ক আছিল, সকলো সৰু মাছবোৰে কাড়-ধনু আদিৰ আকাৰ লৈ বৰালিক ভয় দেখুৱাই খেদিব পাৰিছিল| সিদিনা এই পাঠটিৰ পৰা সঁচাকৈয়ে বহুত ডাঙৰ কথা শিকিছিলো| কিন্তু সেই পাঠটি আজিকালিৰ তৃতীয় শ্ৰেণীৰ নতুন পাঠ্যপুথিত লিৰিকি বিদাৰি বিচাৰিলেও পাবলৈ আৰু নাই| ইমান ডাঙৰ এটা শিক্ষা দিয়া সেই দুইপেজৰ পাঠটো নতুন সমস্কৰণত কিয় অাঁতৰাই দিয়া হ'ল নাজানো! নতুন জেনেৰেছ'নৰ বাবে নতুন সংস্কৰণৰ প্রয়োজন  হোৱা বাবে চাগে কৰিলে|তথাপি ইমানো তিৰস্কৃত হবলগীয়া পাঠ নাছিল সেইটো|

 দুহেজাৰ ওঠৰ চনৰ চৈধ ছেপ্তেম্বৰ, মই তেতিয়া বি. এ. প্রথম ষান্মাষিকৰ ছাত্র| কলেজৰ পৰা ঘৰলৈ উভতি আহোঁতে মৰাণ তিনিআলিত বাছৰ পৰা নামিলো| অশোক হোটেলৰ কাষতে অৰ্ধনগ্ন অৱস্হাত গৃহহীন মানুহ এজনে ডাঙৰ ব্রেডৰ টুকুৰা এটা নিজৰ মলীয়ন লেতেৰা হাতেৰে ধৰি মুখলৈ তুলি নিছিল আৰু চুবাই আনন্দমনেৰে খাইছিল|মোৰ বাবে এইটো কোনো নিত্যনতুন কথা নাছিল, সদায় দেখোঁ সেই মানুহজনক যাৰ গাত কাপোৰ নাই, থাকিবলৈ ঘৰ নাই|তেওঁ নাহৰকটীয়াত 'লাডেন পাগল' নামেৰেও বেচ পৰিচিত| মোৰ বাবে একেবাৰে সাধাৰণ আৰু স্বাভাৱিক কথা আছিল এইটো,কিন্তু, পিছদিনা মই যেতিয়া কলেজলৈ বুলি ওলাই বাছ ষ্টপত আহি বাছৰ বাবে অপেক্ষা কৰি ৰৈ আছিলো, দেখিলো যে  ফুথপাথত মৰা মানুহৰ দৰে পৰি আছিল তেওঁ| মাখিও সৰ্বশৰীৰত ভেনভেনাই আছিল| বাছৰ অপেক্ষা কৰি কৰি মই বহুত বাৰ তেওঁক লক্ষ্য কৰিছিলো, মোৰ সন্দেহ হৈছিল, মৰিল নেকি? নে কিবা অসুখ হৈছে? সৌভাগ্যক্রমে তেওঁ জীয়াই আছিল| মৰ্মন্তুদ দৃশ্যটো দেখিয়ে বেয়া লাগিছিল|কিন্তু পিছত ভালকৈ লক্ষ্য কৰি বুজিলো, মোৰ এনে লাগিছিল যে তেওঁৰ ফুডপইজিনিং হৈছে বমি কৰিছে আৰু গাত শক্তি নাই থিয় হবলৈ| থিয় থিয়ই মোৰ অন্তৰ কঁপি গ'ল| তেতিয়া কিয় নাজানো, কিন্তু মোৰ স্কুলৰ দিনবোৰৰ কথা মনত পৰি গৈছিল যেতিয়া বিশ্বস্বাস্হ্য দিৱসৰ দিনা গোটেই লেঙ্গেৰীজান বাগিচাৰ মানুহৰ মাজত সজাগতা আনিবলৈ আমাৰ হেড বাইদেউ মঞ্জুলা ৰাজকোঁৱৰকে প্ৰমুখ্য কৰি জন ছাৰ, সুজিৎ ছাৰে আমাক লগত লৈ কেনেকৈ চাবোনেৰে হাত ধুব লাগে, কেনেকৈ খাদ্য ঢাকি ৰাখিব লাগে, কেনেকৈ খাদ্য সিজাই খাব লাগে শিকাইছিল| পৰিস্কাৰে থাকি কেনেকৈ বহু বেমাৰ আজাৰৰ পৰা বাচিব পাৰি শিকাইছিল| আজি সেইবোৰ শিক্ষাই বৰ্তমানৰ সময়ত ব্যৱহাৰত আহিছে|কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে বচাই ৰাখিবলৈ বৰ্তমান সময়তো আটাইতকৈ বেছি প্ৰাসংগিকতা আছে বুলি ক'লে চাবোনেৰে হাত ধোৱা বিষয়টো| মাক্স আদিৰো কিন্তু সিমানেই গুৰুত্ব আছে|গতিকে ভাৱো এৰি অহা দিনৰ সৰু সৰু কথাবোৰত ডাঙৰ ডাঙৰ অৰ্থ নিহিত হৈ আছে| গতিকে বৰ্তমানৰ নিজৰ দৃষ্টিকোণৰ পৰা যেতিয়া যেতিয়া মই মোৰ এৰি অহা দিনবোৰৰ সেই সৰু সৰু কথাবোৰৰ নিৰীক্ষণ কৰি কিবা বুজিবলৈ চেষ্টা কৰোঁ সদায় নতুন নতুন কথা আৱিষ্কাৰ কৰোঁ| নিজকে বুজিব পাৰোঁ সেই সময়ৰ 'মইজনক'আৰু এই সময়ৰ 'মইজনক| বিৰাট পাৰ্থক্য বিচাৰি পাওঁ| কেতিয়াবা হৈ-হুলূস্হলৰ পৰা আঁতৰি যেতিয়া নিজকে চাবলৈ ইচ্ছা হয়, সেইসময়ৰ কথা চকুমুদি মনত পেলাবলৈ যেতিয়া চেষ্টা কৰোঁ, নিজকে পথাৰত বিশাল আকাশত মুকলি মনে উৰি থকা চিলাখনৰ জৰীডাল আঙুলিত মেৰিয়াই ধৰি থকা এখন ছবি মনলৈ আহে| যেতিয়া চকু মেলি দিওঁ, দেখো বয়সৰ আঁৰত পৰিপক্কতাৰ দোহাই দি নিজৰ ভিতৰতে থকা শিশুটোক জলাঞ্জলি দিছো| ধেত্.. এই যি to be matureবোলা শব্দটোৱে নহয় কেতিয়াবা মোৰ কলিজা খাব, খাটাং| কিন্তু মোৰ ধাৰণা কোনেও লৰচৰ কৰিব নোৱাৰে| মোৰ মতে, এতিয়ালৈকে লাভ কৰা অভিজ্ঞতাৰ অনুসৰি "Mature"শব্দৰ অৰ্থ হৈছে "to be responsible" কিন্তু মানুহে কয়, এই লৰালিকালৰ দিনবোৰ গ'ল বোপাই শিশুসুলভ কামবোৰ এৰ| কিন্তু হিন্দি কবি এজনৰ ভাষাত মই ক'ব খোজো- "I promise, यह बचपना हम कभी नहीं छोडेगा"মোৰ মতে, যদি নিজৰ মাজতে আপোনাৰ এৰি অহা দিনবোৰৰ সৰু সৰু কথা, বা স্মৃতিবোৰক জীয়াই ৰাখিব খুজিছে তেন্তে প্রথমে নিজৰ ভিতৰত উশাহ লব নোৱাৰা শিশুটোক জীয়াই থাকিবলৈ দিয়ক| সেই শিশুটি জীয়াই আছে মানে সুখেৰে সৈতে "মইজন" হৈ আপুনিও জীয়াই আছে|

শেষত,ল'ৰালিকালৰ মোৰ প্রিয় দুশাৰী পংক্তিৰে মোৰ কথা শেষ কৰিব খোজোঁঃ

                 "আজি স্কুল ছুটী 
                  গৰম গৰম ৰুটি, 
                  কাইলৈ স্কুল বন্ধ 
                 গোলাপ ফুলৰ গোন্ধ|"-

📝শ্রী ৰোহিত তাঁতী, 
চতুৰ্থ ষান্মাষিক| অৰ্থনীতি বিভাগ|

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)