কিছু সিদ্ধান্ত
গ্ৰহণ কৰিব লগা
হ'ল অসত্য
নাই আজি নাই
সেই মানুহ বোৰ
নাই সেই অভিমান বোৰো
মাথোঁ আছে সময়ৰ গতিত
ৰৈযোৱা কেতিয়াও
পাহৰিব নোৱাৰা স্মৃতিবোৰ।
ধৈৰ্য্যক আঙুলিয়াই
বিষাদৰ উৎসৱ পালন
কৰিছিল তেওঁ।
প্ৰতিফলৰ দাপোনত
নিজক চাই মুখ
লুকুৱাইছিল তেওঁ।
নিজস্বত্ব হেৰুৱাই
সাঁজ-পাৰ পিন্ধি
সৌন্দৰ্যক বিচাৰিছে তেঁও
মিছা কথাৰ জালত পৰি
সঁচা হৃদয়কো হাঁহিছে তেওঁ।
বাধ্যতামূলক আছিল নেকি?
কলিজাত হাত ভৰাই
কেঁচা মৰমৰ তেজ উলিওৱা ?
নে চাব বিচাৰিছিলা
কিমান গভীৰ আছিল
সেই ভাল পোৱা!
✍️ জ্যোতিষ্মান বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ