অসমৰ প্রভাৰাজ দেউৰী ভাৰতীয় সেনাত লেক্টনেন্ট পদত অধিষ্ঠিত হয়

Rinku Rajowar
0
অসমবাসী তথা যোৰহাটবাসীৰ বাবে এক সু-খৱৰ । নিজৰ কর্ম দক্ষতা আৰু সাধনাৰ ফলত ৰাইজলৈ কঢ়িয়াই আনিলে এক গৌৰৱ   শ্রী প্রভাৰাজ দেউৰীয়ে ভাৰতীয় সেনাত লেক্টনেন্ট পদত অধিষ্ঠিত হয় ।  প্রভাৰাজ দেউৰী আছিল যোৰহাট নামদেউৰী গাঁৱৰ  এটি দৰিদ্র পৰিয়ালৰ সন্তান । বোকা পানীৰ লগত খেলি ডাঙৰ-দীঘল হৈছিল প্রভাৰাজ দেউৰী । কিন্তু প্রভাৰাজৰ সপোন আছিল INDIAN ARMY হৈ নিজৰ মাতৃভুমিক  সুৰক্ষা দিয়া  । গতিকে উক্ত সপোনক বাস্তৱিত কৰিবলৈ নিজকে সকলো প্রকাৰে প্রচেষ্টা চলালে আৰু ২০০৪ চনত এটি গ্ৰাম্য অঞ্চলৰ পৰা নিজৰ চেষ্টা আৰু ইচ্ছা বলত ভাৰতীয় সেনা বাহিনী নিযুক্তি লাভ কৰিছিল শ্রী প্রভাৰাজ দেউৰীয়ে ।  ভাৰতীয় সেনাত বর্তী হৈ থমকি ৰোৱা নাছিল এইজন জোৱানে । নিজক এক উচ্চ পদত প্রতিষ্ঠিত কৰিবলৈ দৃশতাৰে কাম কৰি গৈছিল  নিজৰ দায়িত্বক আৰু কর্তব্যত । যাৰ বাবে যোৱা ১৩  জুন ২০২০ তাৰিখে ভাৰতীয় সেনা বাহিনীত লেক্টনেন্ট হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম  হয় । ভাৰতীয় সেনা বাহিনী '' লেক্টনেন্ট '' পদত অধিষ্ঠিত হোৱাটো ইমান সহজ কথা নহয় যিটো আজি প্রভাৰাজ দেউৰীয়ে কৰি দেখালে ।  আপোনাৰ এই গৌৰৱত সচাঁই আমিওঁ গৌৰাম্বিত হৈছো । এইয়া আজি জাতিৰ গৌৰৱ, দেশৰ গৌৰৱ হয় । আপোনাৰ দেশ মাতৃৰ প্রতি থকা মমতাই আজি আমাৰ হৃদয় স্পর্শ কৰি গৈছে । গতিকে আপোনাৰ এই সাধনাক আৰু আগুৱাই নিয়ক ।  আই মাতৃৰ স্নেহ আৰু বুটলি আনক তাকে আমি আশা কৰি আপোনাৰ সু স্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলো । ধন্যবাদ । জয় আই অসম, জয় হিন্দ , জয় ভাৰত !

 
📝 ৰিংকু ৰাজোৱাৰ (সংগ্ৰহ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)