কঠাল গুটীয়া নিগনি

Rinku Rajowar
0
   
     ফুটা সকলোটে ফুটা
     ভিৰ লাগিছে ভিৰ
     ফুটাৰে নিগৰি ওলাইছে
     জুলীয়া গুৰ
    সকলোৱে মুখ মেলি
    ৰৈ আছে
    টুপা টুপা পৰিব
    জুলিয়া গুৰ  |
    গুৰৰ বাবে ভিৰ
    মাখিৰ ভিৰ
    মহৰ ভিৰ
   মুঠতে ভিৰ কৰিছে ভিৰ
   নিগনিয়ে কুটি কুটি
   ফোপোলা কৰিলে  |
   কঠালগুটীয়া নিগনিয়ে
   অন্যায় কৰি 
   হাতৰ টিপতে
    ভৰিৰ  টিপতে  লুকাই
   নিগনি মৰা ঔষধ লাগে
   নহলে বাকী থকাখিনিও
   শেষ কৰিব
   আহক সাবধান হওঁ
  কঠাল গুটীয়া নিগনিৰ পৰা |

     📝 হেমেন হাজৰিকা
                মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)