আলিঙ্গন কৰিম

©Admin
0
   সেই দিনাই

   পুৱাটো বগাই আহি
   বেলিটো পাটত বহিল
   নদীখনৰ জৰায়ু ফালি
   কাইলৈৰ বাবে
   সি শুই পৰিল  |

   কাইলৈ আপোনাক লগ পাম
   কাইলৈৰ পৰা
   আপোনাক ভাল পাম
   
   আজি যে আপোনাৰ বাবে
   একোৱেই কৰিব নোৱাৰো
   কিমান যে
   নামহীন ব্যস্ততা  |

   কাইলৈবোৰ আজি 
   হোৱাৰ দিনাই
   আমি গ্রহণ কৰিম
   একেলগে পুৱা আৰু
   নৈশ আহাৰ
   একেলগে কৰবালৈ
   ফুৰিবলৈ যাম
   আৰু বহু কিবা কিবি...
   কাইলৈটো আজি
   হোৱাৰ দিনাই  |

 📝 হেমেন হাজৰিকা
               মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)