মা মোৰ ভোক লাগিছে

Rinku Rajowar
0
     
        মা,,,,,
    তোমাৰ হাতৰ
    কচু পাতত দিয়া
    পোৰা গৰৈ মাছ পিটিকা
    পণ্টা ভাত কিটা
    খাবলৈ বৰ মন গৈছে  |
    ইয়াত ইমান ঐশ্বৰ্য
    বিধে বিধে অভিজাত্য
   তথাপি মা
   মোৰ উদৰ নভৰে
   বৰ মনত পৰে
   সেই সাজ ভাতলৈ
   শুকান জলকীয়া পোৰা
    লগতে কঠালগুটী
   মোৰ বৰ মনত পৰিছে
   তাৰ বাবে মা
  মোৰ বৰ ভোক লাগিছে  |

     📝 হেমেন হাজৰিকা,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)