জোনাকত জিলিকা নিয়ৰ(৩য় খণ্ড)

©Admin
0
জোনাক ভাস্কৰ নিয়ৰতকৈ কেইমাহ মানৰ ডাঙৰ যদিও তিনিওটাই একেটা শ্ৰেণীতে পঢ়িছিল।হাইস্কুলত ভৰি দিয়াৰ পিছৰে পৰা জোনাকে পঢ়াত বেছিকৈ মন দিছিল।ফলত জোনাক প্ৰতি বাৰেই প্ৰথম হৈছিল আৰু সিহঁত দুটাই যেনে-তেনে ওপৰৰ শ্ৰেণীলৈ উত্তীৰ্ণ হৈছিল।ভাস্কৰহঁতে জোনাকৰ নাম দিছিল পণ্ডিত।
লাহে লাহে জোনাক গহীন-গম্ভীৰ হৈ পৰিছিল। নিয়ৰে তালৈ অলপ ভয় কৰিছিল।তাৰ লগত কোনোদিনেই কাজিয়া কৰা নাছিল।ভাস্কৰক পিছে তাই অলপো শান্তিৰে থাকিবলৈ দিয়া নাছিল।ভাস্কৰে প্ৰায়েই জোনাকৰ লগত কথা পাতিছিল।
জোনাকৰ মনত পৰিল সেই দিনটোৰ কথা তেতিয়া সিহঁত অষ্টম শ্ৰেণীত।গ্ৰীষ্ম বন্ধ চলি থকাৰ বাবে প্ৰায় ১০মান বজালৈকে জোনাক পঢ়াত ব্যস্ত আছিল।এনেতে ভাস্কৰ দৌৰি আহি তাৰ হাতত ধৰি বাহিৰলৈ আনিছিল কোঠাৰ পৰা।সাধাৰণতে সি কিতাপ পঢ়ি থাকিলে ভাস্কৰে কোনোদিনেই কাষলে অহা নাছিল।পঢ়া  অৱস্থাত দেখা  পালে মাতবোল নিদিয়াকৈ আঁতৰি গৈছিল।
সেয়ে ভাস্কৰৰ আচৰণত জোনাক আচৰিত হৈছিল।কিবা এটা বুজি পোৱাৰ আগতেই ভাস্কৰ হঁতৰ  চোতালত উপস্থিত হৈছিল।সি মন কৰিলে নিয়ৰহঁতৰ ঘৰৰ ভিতৰত বহুতো মাইকী মানুহ আছে।
তাৰ মাজতে নিয়ৰৰ উচুপণি শুনা পালে,নিয়ৰৰ কিবা এটা  হৈছে।তাইৰ কান্দোন শুনি ভিতৰলৈ যাব খোজাত নিৰলা পেহীয়ে খেদিলে।ল'ৰা মানুহক ভিতৰলৈ যাব দিয়া নাই।ভাস্কৰে খঙেৰে কোৱা কথা শুনি জোনাকে হাঁহি মাৰি তাৰ পিঠিত ঢকা এটা দি ক'লে----ব'ল পেহীয়ে দেখাৰ আগতেই পলা।
ভাস্কৰে একো নুবুজি তালৈ চালে।তাকো বুজি পোৱা নাই অকৰা নিয়ৰ ডাঙৰ হ'ল।জোনাকে পুনৰ ক'লে।
দুয়োটা আঁতৰি আহিছিল সেই ঠাই পৰা।
ঘৰত এক মূহুৰ্তও শান্তিৰে নথকা ছোৱালী জনীয়ে খুৰীয়েকৰ মুখলৈ চাই অসীম ধৈৰ্য্যৰে পাৰ কৰিছিল সেই দিন কেইটা।ডাঙৰ হোৱাৰ পিছৰে পৰা নিয়ৰ অলপ সলনি হ'ল।তাইৰ কথাত নাইবা খোজত আগৰ চঞ্চলতা নাছিল যদিও,মুখত অনবৰতে হাঁহিতো আছিল।অন্য কথাবোৰৰ পৰা আঁতৰি থাকিলেও ভাস্কৰৰ লগত অলপ কথাতে কাজিয়া কৰা অভ্যাসটো এৰিব পৰা নাছিল।
দশম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ পিছত ঘৰৰ মানুহে ভাস্কৰ আৰু নিয়ৰৰ পঢ়াত চকু দিছিল,হয়তো সিহঁতেও বুজিছিল সন্মুখত এটা ডাঙৰ পৰীক্ষা।সেয়ে সকলো বান্ধোন মানি লৈ পঢ়াত মন দিছিল।
সেইবাৰ ইংৰাজী আৰু অসমীয়াত লেটাৰ লৈ জোনাকে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।তাৰ সফলতাত সকলো আনন্দিত হৈছিল,ভাস্কৰ আৰু আৰু নিয়ৰেও দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল।
সিহঁত তিনিওটাই গাঁৱৰ পৰা তিনি/চাৰি কিল'মিটাৰ দূৰত থকা কলেজ খনত নাম ভৰ্তি কৰিছিল।কলেজলৈ যোৱাৰ পিছৰে পৰা ভাস্কৰে কিছুমান বেয়া বস্তু খাবলৈ আৰম্ভ কৰে।কলেজৰ পৰা তিনিওটা একেলগে ঘৰলৈ আহিছিল।কিন্তু এমাহ মানৰ পিছত জোনাক আৰু নিয়ৰক একেলগে আহিবলৈ কৈ সি পলমকৈ ঘৰলৈ আহিছিল।
ভাস্কৰৰ ভায়েক অনিন্দ্যৰ পৰা জোনাকে ভাস্কৰৰ কথা তাৰ পঢ়াৰ মেজখনত লুকোৱাই থোৱা চিগাৰেটৰ কথা জানব পাৰিছিল।সি ভাস্কৰক বহুত বুজাইছিল।জোনাকৰ কথাবোৰ মন দি শুনিছিল যদিও সি বিড়ি,চাদা নোখোৱাকৈ থকা নাছিল।

আগলৈ

দ্বীপ দীপাংকৰ লাহন।
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)