সেউজীয়া হৈ থাকিবলৈ দিয়া

©Admin
0
 
আমাক সেউজীয়া হৈ থাকিব দিয়া
সেউজীয়া নহ'লে আমি
যোগাম কেনেকৈ তোমালোকক বিশুদ্ধ বতাহ, 
বিশুদ্ধ বতাহৰ অবিহনে
কেনেকৈ লভিবা নিৰোগী স্বাস্থ্য
জীয়াই থাকিয়ো জানো নহ'বা আধামৰা।

আমিবোৰ নাথাকিলে কেৱল বিশুদ্ধ বায়ুয়েই নহয়
বৰষুণো হেৰাই যাব পৃথিৱীৰ পৰা
ফলত লুপ্ত হৈ পৰিব
শস্য,মৎস্য বসুন্ধৰা
খাদ্যৰ অভাৱত নিঃশেষ হৈ নাযাবনে
জীৱকুল পৃথিৱীৰ পৰা।

সেয়েহে হে জীৱশ্ৰেষ্ঠ মানৱ
তোমালোকে আমাক ৰক্ষনাবেক্ষন দিয়া
কেৱল বিশ্ব পৰিবেশ দিৱস পাতি
দুটি গছপুলি ৰোৱাতেই গুৰুত্ব নিদিবা
নিজৰ জন্মদিনত প্ৰত্যেকেই দুটিকৈ গছপুলি ৰুই
ধৰণী সেউজী কৰা
তেতিয়াই তোমালোকে লাভ কৰিবা
শস্য শ্যামলা বসুন্ধৰা।

📝ব্ৰহ্মদেৱ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)