দুখীয়াৰ দুখ চৰকাৰেও নেদেখে

©Admin
0
কিমান আছে অঘৰী,অনাথ, বিধৱা 
   যিয়ে খুজিব লাগে ঘৰে ঘৰে ভিক্ষা
      কিনো ভুল তেখেতলোকৰ
          যাক চৰকাৰে নোখোজে চাব ।

কিমান আছে অঘৰী হৈ
   ধৰিত্ৰী আইৰ বুকুত পৰি
     চৰকাৰে দেখিও অন্ধ হয় নেকি
       নিজৰ সম্পদ যাব ভাৱি ।

 আজি আশে পাশে চাবা
   কিমান পৰি থাকিব দূৰ্ভগীয়া 
      পেটত হাত ৰাখি, চকুত পানী
         ভুকৰ জালাত থাকে জ্বলি-পুৰি ।

ঘৰ থকাক ঘৰ দিয়ে চৰকাৰে
    নথকাক অন্ধ হৈ পৰিচয় দিয়ে 
       ধৰিত্ৰী আই আমাৰ সকলোৰে
           চৰকাৰে দুখীয়াক সহাৰি নিদিলে দিব কোনে ।

ধনী দুখীয়া সকলো সমান
   সকলো মানৱৰ থাকে হৃদয় 
      চৰকাৰেই যদি ধনী দুখীয়া বাছে
         দেশৰ ৰক্ষক চৰকাৰ কেনেকৈ হয় ।


📝শ্ৰীমতী ৰিমকি চুতীয়া (ধেমাজি,চিচিবৰগাওঁ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)