অচিনা অনুভৱ

©Admin
0

আজি আবেলিৰ বতাহ জাকে মোক ৰিঙিয়াই মাতিলে,
কিবা চিনাকী-অচিনাকীৰ গীত বজালে !
হাউথ কৈ আকাশ খনিলৈ চালো !

নীল আকাশিৰ চাদৰত বগা ডাৱৰৰ ফুল,
আজি মোৰ বৰকৈ মনত পৰিছে...
সেই মৰমৰ ,আনন্দৰে ভৰি থকা পুৰণি ঘৰ খনিলৈ।
ল'ৰালিৰ আনন্দৰে উপচি থকা,

বিভিন্ন ভাষা, সংস্কৃতিৰে ভৰি থকা সেই ঠাই 
আজিও মোৰ চকু জুৰিত শৈশৱৰ এক বন্তি জ্বলাই।
সেই  পাছ বাৰিৰ ক'লা জামুকৰ সুৱাদ 
আজিও ল'বৰ মন...

সেই আগ চোতালৰ অৰ্জুন গছৰ
 চেঁচা  লিহিৰি বতাহ জাকে আজিও হুহুৰি বজাই মোৰ কাণত।
 নৱেম্বৰ মাহত চ'ত পূজা, জুলাইৰ ঈ'দ...
 এক অনন্যা অনুভৱ আছিল।
 
সেই ঘৰ খনৰ প্ৰতিখন দেৱালৰ ইটাত আজিও সজীৱ  হয় আছে  আমাৰ হাঁহি,ধেমালি আৰু অভিমানৰ স্মৃতি বোৰ।

সময়ৰ সোঁতত বৈ গ'ল সময় বোৰ,
আজি আছে 'ন' ঠাই 'ন'  লোক,
আছে ইয়াত শেৱালিৰ গোন্ধ,
আৰু আছে 'ন' লোকৰ 'ন' মুখ ।

📝জাচিংফা  গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)