মোৰ সমগ্ৰতাত তেওঁৱেই

©Admin
0
মোৰ সমগ্ৰ সৃষ্টশীলতা
তেওঁৰ পৰাই আহৰণ কৰোঁ
মোৰ সমগ্ৰতাত তেওঁকেই ধৰি ৰাখো
জাতি বৰ্ণ ধৰ্ম নিবিশেষে
সংস্কৃতি বান মনৰ 
যি প্ৰজ্ঞা পোহৰ
তেওঁৰ আলিংগনতেই বিকশিত হৈ উঠে
যাপন কৰো প্ৰতিদিন
তেওঁৰ স্নেহবন্ধনত
তেওঁৰ অলপ সহাঁৰিতে বাউলি হওঁ
বিচৰণ কৰি ফুৰো উন্মনা হৈ
তেওঁৰ হৃদয়ৰ আঁহে আঁহে
তেওঁৰ আভ্যন্তৰীণ মনৰ পাহে পাহে
অলপ বিশ্বাস অলপ ভালপোৱা 
আৰু অলপ মিঠা প্ৰেমৰ স্তুপীকৃত জাঁজৰি
তেওঁৱেই মোৰ সৰলমনা পত্নী ৷
                
 ✍️ জিতেন চেতিয়া 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)