গোন্ধোৱা মাছ

©Admin
0
  পুষ্টিৰ দানাবোৰ
  অ-পুষ্টি হলে
  বিহ হয়
  গোন্ধায  ৷

  মানুহে মানুহক বধিবলৈ
  পুষ্টিত অ-পুষ্টি দি
  বজাৰ ধৰিছে ৷
  অ-পুষ্টি প্রবেশত
 নতুন কাকতি ফৰিং ওলাইছে
  আকাশত তৰা বাঢ়িছে  ৷

  মানুহ যদি মানুহৰ বাবে
  মানুহ নাথাকিলে
  বেহা কাৰ সতে  ৷

  গোন্ধোৱা মাছবোৰ
  বৰষুণত তিতাইছে 
  বতাহত নতুন গন্ধ চটিয়াইছে
  মাছৰ গন্ধ লুকুৱাইছে  ৷

  বজাৰ আহি ঘৰ সোমোৱাত
  স্বৰূপ ওলাইছে  ৷

  গৃহিণীৰ গালি বৰষিছে
  মানুহ মানুহৰ পৰা
 আতৰি আহিছে  ৷

   📝হেমেন হাজৰিকা
            মিৰ্জা  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)