কিয়নো ভাল লাগে
আকাশৰ এই তৰা,
দেখিয়েই ভাল লাগে
এক ৰঙীন নিজৰা ।
কিয়নো ভাল লাগে
জননীৰ এই ধৰা,
ক'ত জীৱ মিলিও
পৃথক জিৰণি চ'ৰা।
কিয়নো ভাল লাগে
জগতৰ এই বিস্তাৰিলা,
আদান-প্ৰদান কৰি
য'ত সৱ শেষ কৰিলা।
কিয়নো ভাল লাগে
আমাৰ এই অসম দেশ,
জয় আই অসম চিঞৰি থাকিম
কেতিয়াও নুবুলু শেষ।
📝বম্বেশ্বৰ কুৰ্মি
কাকজান চাহ বাগিছা
যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ