আকাশ

Rinku Rajowar
0
নিশা চোতালত বহি
আকাশলৈ চালোঁ !
তোমাক আকাশ বুলি ভাবি
উল্লসিত হৈ•••••••
তোমাৰ কাষলৈ বুলি
আগুৱাই গলো 
বগালো ওখ শৃংগ !
বিজুলি ঢেৰেকণি হৈ
নিমিষতে নামি আহিলা
তুমি মোৰ কাষলৈ !
আহোপুৰুষাৰ্থ বোৰ
নিমিষতে জ্বলাই
কৰি দিলা ছাই !
প্ৰত্যহিক কৰা আশা বোৰ
নিমিষতে ঘূৰাই দিলা !
এতিয়া মোৰ বাবে
বহু দুৰৱস্থা !
অতিষ্ঠ মই
হৃদয়ৰ দীপ্তি আঁতৰাই
পলকতে কৰি দিলা
অন্ধকাৰাচ্ছন্ন 
আকাশ আৰু হৃদয় !!

📝বিনিতা বৰা
হোজাই জিলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)