প্লেনিং

©Admin
0


  দেৱযানী উচ্চশিক্ষাৰে শিক্ষিত  মহিলা নহয় । গিৰিয়েক নোহোৱা হোৱা আজি কিছুবছৰ হ'ল । তথাপিও  তিনিটা সন্তানক স্কুল- কলেজ আদিত পঢ়ুৱাই আছে । খেতি -বাতিৰ পৰা আৰু বাৰীৰ অন্যান্য শাক-পাচলি , খেতিৰ বাদে অন্যান্য ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰী আদিৰ পৰাও উপাৰ্জ্জন কৰে ।  গোহালিৰ গৰুবােৰ তেওঁৰ বাবে লক্ষ্মীস্বৰূপ - দুই বছৰৰ অন্তৰে -অন্তৰে বেচে । এহাল গৰুৰ দাম ৮০০০০ টকাৰ কম - বেছি পায় । তাৰোপৰি বাইদেউৰ ঘৰত কোনোদিনেই খৰিৰ নাটনি নহয় । কেনেকৈ ?  প্ৰতি তিনি বছৰৰ অন্তৰে-অন্তৰে ঘোৰানিমৰ গছৰোৱে -আৰু চাৰিবছৰৰ পাছত  এজোপা - এজোপাকৈ গছ খৰিৰ বাবে ব্যৱহাৰ কৰে । দেৱযানীৰ বুধি উত্তম বুধি - য'ত একেখন গাঁৱৰ মানুহে খৰিৰ অভাৱত মৰে । কত' পুৰুষ -প্ৰধান পৰিয়ালতো এনে প্লেনিং কৰা নহয় । উচ্চ ডিগ্ৰীৰ প্ৰমাণ পত্ৰ নাথাকিলেওঁ প্লেনিং কৰি দেৱজানী এগৰাকী সফল গৃহিণী, মাতৃ হ'ব পাৰিছে ॥

🖍মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)