তোৰ দুহাতত
অপাৰ সম্ভাৱনা
নহলে যে তই
সকলোৰে ভিকাচন ভাগে |
তোৰ সময়
পালেহি অ' ককাই
ককালত টঙালী বান্ধি
সাজু হ পথাৰলৈ |
আকাশে বৰষিলে
তোৰ টোপনী ভাগে
নাঙল যুঁৱলী সাজু কৰি ল |
তোৰ হাততে
দেশৰ পেটৰ ভাত
তোৰ সময় আহিছে
খেতি খোলা কৰিবলৈকে
খেতিয়ক ককাই
তই কুশলে থাক |
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ