জীৱনৰ গতি,খণ্ড - ০১

©Admin
0

৬/০১/২০০৮তাৰিখটো মোৰ কাৰণে অতি সুখৰ দিন আছিল। সিদিনা মই জীৱনৰ প্ৰথমবাৰৰ বাবে টিভিত অনুষ্ঠান কৰিবলৈ গুৱাহাটী কলাক্ষেত্ৰলৈ যাত্ৰা আৰম্ভ কৰিছিলো ৷ সেইদিনা স্কুলত উখলমাখল পৰিৱেশ কিয়নো আমাৰ স্কুলত বছৰেকীয়া ক্ৰীড়া সাপ্তাহিক চলি আছিল ।মই ৰচডা° আৰু কবিতা আবৃত্তি প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি আকস্মিক বক্তিতাত নামভৰ্তি কৰিছিলোহে এনেতে গাড়ী এখন আহি স্কুলৰ সন্মুখত ৰ'লহি। গাড়ীখনৰ পৰা এজন চল্লিছ পঞ্চলিছ বছৰৰ বয়সীয়া মানুহ এজন আমাৰ প্ৰধান শিক্ষকৰ অফিচৰ পিনে আগবাঢ়ি গ'ল ৷ কিছু সময়ৰ পাছত প্ৰধান শিক্ষকৰ সৈতে আমাৰ প্ৰেক্ষাগৃহত আহি উপস্থিত হ'লহি। প্ৰধান শিক্ষকে সকলোকে সম্বোধন কৰি ক'লে " মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানি নথৈ আনন্দিত হ'বা কিয়নো আমাৰ স্কুলৰ কৃতি ছাত্ৰ দুলাল ৰবিদাস অসম ভিত্তিত শিশু সমাৰোহৰ  অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ অসমৰ ভিতৰত নিৰ্বাচিত হৈছে ।গতিকে দুলাল ৰবিদাসলৈ আন্তৰিক শুভেচ্ছা আৰু আমাৰ আশীৰ্বাদ থাকিল যাতে সেই অনুষ্ঠানত অংশ গ্ৰহণ কৰি নিজৰ স্কুললৈ সুনাম কঢ়িয়াই আনে বুলি ।" এই কথা শুনি সকলো ছাত্ৰ -ছাত্ৰী আনন্দত কিৰিলিয়াই উঠিল ।মোৰো মন অস্থিৰ হৈ পৰিল প্ৰধান শিক্ষকে সেই ছাৰজনৰ লগত চিনাকী কৰাই দিলে। ছাৰজনে তেখেতৰ নাম ৰঞ্জিত ৰয় বুলি ক'লে ৷ ৰঞ্জিত ছাৰে ক'লে -"দুলাল, অহাকালি পুৱাতে আমি গুৱাহাটী  যাত্ৰা আৰম্ভ কৰিম গতিকে তুমি ঘৰত পাঁচটা বজাত যাবলৈ প্ৰস্তুত হৈ থাকিবা এতিয়া মই আহিছো ৷" ছাৰ যোৱাৰ পাছত বাকী শিক্ষক শিক্ষয়িত্ৰী সকলে মোক অভিনন্দন জনালে আৰু বন্ধু বান্ধৱী সকলেও শুভেচ্ছা দি ক'লে " দুলাল পাৰ্টি লাগিব দেই। " মই সিহঁতক পাৰ্টি এটা দিয়াৰ ব্যৱস্থা কৰিলো। প্ৰকাশ আৰু বিশালক পাৰ্টিৰ সকলো দায়িত্ব অৰ্পণ কৰিলোঁ ৷ দুপৰীয়া ধামাকা পাৰ্টি এটা চলিল। ঠিক তিনিটা বজাৰ লগে লগে স্কুল ছুটী হ'ল সকলো ঘৰাঘৰি হ'লো ৷ 

                  আগলৈ

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)