সভাত বিষ্ণুৰ প্ৰৱেশঃ
বিষ্ণুঃ সৃষ্টিৰ পাতনিতে মই মোৰ নাভিৰ পদ্মত ব্ৰক্ষ্মাক সৃষ্টি কৰি পাতনি
মেলিছিলো ! এতিয়া মইয়ে অনন্ত কৌটি ব্ৰক্ষ্মাণ্ডৰ একমাত্ৰ গৰাকী । দেশ কাল অৱস্থা অনুসৰি যুগে যুগে মই মানৱৰ কল্যাণৰ বাবে এই ধৰা ধামত বিভিন্ন ৰূপে অৱতৰণ কৰো । বৰ্তমান মোৰ পৰম ভক্ত পদ্মপুৰৰ ৰজা সুৰথক আৰু অম্ৰাৱতীৰ অধিকাৰী পুৰন্দৰক মহা প্ৰতাপী অহংকাৰী, মদ্ৰমতী এক মহিষৰৰ সন্তান মহিষাসুৰে নানা অত্যাচাৰ কৰিছে । মই বৰ চিন্তাত পৰিছো ,কাৰণ সৃষ্টিকৰৰ বৰে নাই মৃত্যু কোনো পুৰুষৰ হাতত মৃত্যু হ'ব তাৰ এক নাৰীৰ হাতত ।গতিকে মই দেৱ গণৰ অস্ত্ৰ শস্ত্ৰ আৰু ৰক্তৰে দুৰ্গাক সৃষ্টি কৰি মহিষাসুৰক বধ কৰাই শান্তিৰ নিজৰা বোৱাব লাগিব এই বসুন্ধৰাত ।যাওঁ এই কৰ্তব্যৰ হেতু নহলে ভক্ত বাঞ্ছা কল্পতৰু নাম মোৰ লিন যা'ব ধৰাৰ লগত। (প্ৰস্থান)
ব্ৰক্ষ্মাৰ প্ৰৱেশঃ
ব্ৰক্ষ্মাঃ মহেশ্বৰৰ দ্ধাৰা আশীৰ্বাদত তুষ্ট হৈ ৰম্ভৰ ঔৰসত মহিৰ্ষৰ গৰ্ভত জন্ম হ'ল মহিষাসুৰৰ ।কালক্ৰমত সি মহাপৰাক্ৰমী হৈ মোক তপস্যা কৰিলে ।দিলো মই বৰ নহ'ব মৃত্যু তাৰ কোনো পুৰুষৰ হাতত ।মৃত্যু হ'ব তাৰ নাৰীৰ হাতত ।সি দেৱতা সকলক ক্ষমতাচ্যুত কৰি স্বৰ্গৰ সিংহাসনৰ কামনা কৰিছে ।এতিয়া মোৰ মনত সংশয় হৈছে কেনেকৈ বধ কৰি সেই কালসৰ্পক সমাপ্তি ঘটাব লাগিব মহাপ্ৰলয়ৰ । তাৰ মৃত্যুৰ উপায় বিচাৰি যাওঁ মই ত্ৰিশূলধাৰী নীনকন্ঠ সংহাৰ কৰ্তা আৰু জগত নিয়ন্ত্ৰা নাৰায়ণৰ সমিপে! (প্ৰস্থান)
শিৱৰ প্ৰৱেশঃ
শিৱঃ প্ৰজাপতি ব্ৰক্ষ্মাই জীৱ বিলাক সৃষ্টি কৰি বিষ্ণুয়ে পালনৰ ভাৰ লৈ এই অধমক সংহাৰৰ ভাৰ দিলে ।মোৰ আশীৰ্বাদত ৰম্ভৰ ঔৰসত মহিৰ্ষৰ গৰ্ভত এক মহা প্ৰতাপী অসুৰৰ জন্ম হ'ল ।যাৰ নাম মহিষাসুৰ নামেৰে জগত বিখ্যাত। কিন্তু সি মহা অত্যচাৰি হৈ উঠিছে ।গতিকে সংহাৰ কৰ্তাৰূপে মহিষাসুৰক বধ কৰাৰ চিন্ত মইয়ে কৰিব লাগিব। যাওঁ এই বিষয়ে নাৰায়ণৰ সহিতে আলোচনা কৰোগৈ।(প্ৰস্থান)
আগলৈ
📝ৰিন্টু কুৰ্মীৰ সংগ্ৰহ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ