শব্দ

Rinku Rajowar
0
মাজে সময়
চেকুৰি আহে 
ৰণুৱা ঘোঁৰা দৰে
শব্দ বোৰ মোৰ মনলৈ !
দি যায় হৃদয়ত
সাজ বহুৱাই
প্ৰতি পলে পলে
প্ৰতিটো মূহুৰ্তে
কবিতা আকাৰে
প্ৰকাশ কৰিবলৈ !
উচুপি উঠে মোৰ হিয়া খন
শেৱালী বুটলিবলৈ গৈ
মোৰ ভৰিৰ খোজত
মৰহি গ'ল দুৱৰি বন !
বিষাদে আৱৰি ধৰিছে
মোৰ বুকু খন !
নিয়ৰ বোৰে 
উচুপি উঠে
দুৱৰিৰ বেজাৰত !
শেৱালী বোৰ মোৰ
হাততে শুকাল !
বুকুৰ দুয়োকাষে আজি মোৰ
বিষাদে আৱৰি ধৰিছে !
মোৰ দুচকুত আজি
অশ্ৰু টোপাল সৰিছে !
নিৰাশাৰ বেদনা বুকুত লৈ
হৃদয়ত শব্দৰ সাজ বহুৱাই
প্ৰতি পলে পলে লিখিছোঁ
অনুভৱৰ এফাঁকি কবিতা !!

    📝 বিনিতা বৰা
      হোজাই জিলা
     লংকা কাকী-3
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)