মোৰ জীৱন যাত্ৰা পথ

©Admin
0

মাকৰ গৰ্ভতে আৰম্ভ হ'ল                 
মোৰ জীৱন যাত্ৰা                                
এক সংগ্ৰামেৰে পৰিপূৰ্ণ যাত্ৰা      
চাৰিপ্ৰাণীৰ সৈতে সম্পৰ্ক গঢ়ি                
মা দেউতাই শিকোৱা সংস্কাৰক ধৰি ৷

পঞ্চম বয়সত ওলালো ঘৰৰপৰা    

শিকিবলৈ জীৱনৰ পাঠ                    

স্কুলৰ শিক্ষকে দিয়া                       

জ্ঞানক আহৰণ কৰি ৷

লাহে লাহে বুজি উঠিলো              

জীৱননো কি ?                               

ক্ৰমে ক্ৰমে আগবাঢ়ি গৈ আছো        

জীৱন যাত্ৰা পথত                             

লগ পাই কিছু সুন্দৰ মুহূৰ্ত                

আৰু কিছু বেদনাদায়ক মুহূৰ্ত        

কাৰোবাৰ সৈতে বন্ধুত্ব গঢ়ি                

আৰু কাৰোবাৰ সৈতে প্ৰেম কৰি 

 এনে কিছু টেঙা মিঠা অনুভৱৰ সৈতে আগবাঢ়ি গৈ আছো জীৱন যাত্ৰা পথত কেতিয়াবা কাঁইটৰে ভৰা পথত আৰু কেতিয়াবা ফুলৰে দলিছাৰ পথত ৷

বহুতো পালো কি হেৰোৱালো                

এই ভাৱনাৰ সৈতে নৱপ্ৰজন্মক শিকাই জীৱনৰ প্ৰেৰণা যোগাই গৈ পালোহি জীৱন পথৰ অন্তিম মূৰত ৷


📝দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)