নিজান ৰাতি স্বপ্নিল লগা
সেই মানুহ জনে
দূৰণিৰ পৰা আহি
মোৰ দুভৰিৰ নূপুৰৰ
জুনুকা বোৰ চুই চালে ।
চেঁচা আঙুলিৰ পৰশেৰে
চুই চালে মোৰ দেহ ।
মোৰ মনটো কাঢ়ি নিলে তেওঁ ।
এতিয়া যে তেওঁ মোৰ
নিচেই কাষত ।
কোন বাৰু সেই জন
আজন্ম প্ৰেমিক ।
সপোনত হয় মোৰ
তেওঁৰ সতে সমন্বয় ।
সন্মতি নিদিয়া স্বতেও
কাঢ়ি নিলে মোৰ
নিশাৰ দীঘল উশাহ ।
স্বায়ত্ত থকাৰ পাছতো
ভোকাতুৰ দৰে আহি
চেলেকিলে মোৰ দুভৰি ।
মোৰ নিৰস ওঁঠ,
অনুজ্জ্বল চকুত
দি গ'ল ভাল পোৱাৰ
অযুত সপোন ।
কঁপালত আঁকি গ'ল
সেন্দুৰীয়া তিলক ।
সাৰ পাই উঠি মই
বুকুত হাত থৈ চালো ।
উশাহ বোৰ নিলে নেকি মোৰ কাঢ়ি ।
কোন বাৰু সেইজন
আজন্ম প্ৰেমিক ।
ভাল পোৱা পুৰণি কলীয়া
ভোকত চেলেকি গ'ল মোৰ
দুভৰিৰ নূপুৰ ।
কাঢ়ি নিব নোৱাৰিলে মোৰ
নিশাৰ দীঘল উশাহ ।
হৃদয়ত সিঁচি দি গ'ল মাথোঁ
মোক ভাল পোৱাৰ প্ৰেৰণা ।
কোন বাৰু সেইজন
সপোনৰ আজন্ম প্ৰেমিক ।
এতিয়া মাথোঁ মই আছো
তেওঁৰেই প্ৰতীক্ষাত ।।
📝 বিনিতা বৰা
হোজাই জিলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ