লিখিব মন যায়
জীৱনৰ বহু কবিতা
কিন্তু মৌনতা
ভাষা বিচাৰি নাপাওঁ !
থমকি ৰওঁ নিমাত হৈ
কেনিবা যাওঁ
জীৱন জুৰি এটি নতুন আশা লৈ !
আঁকিব মন যায়
সেউজীয়া হৃদয়েৰে
পৃথিৱীৰ বহু আলোকচিত্ৰ
মোৰ নিভাঁজ হৃদয়ত
আহে বহু প্ৰশ্ন !
পুৱাৰ কোমল ৰ'দত বহি
ভাবোন্মত্ত এতিয়া মই
স্ৰোতস্বিনী দৰে বৈ থাকে
মোৰ হৃদয়ত বহু শব্দ,
তথাপি পৰিস্থিতিত
এতিয়া মই মৌন !
নৈসৰ্গিক বোৰ চাই
মাজে সময় উল্লসিত হওঁ
পুনৰুদ্ধাৰ হয় বা কিজানি
মোৰ হেৰুৱা সপোন বোৰ !
দূষণীয় মোৰ বাবে কোনো নাই
তথাপি নাই মোৰ অট্টহাস্য ।
বহু আশাৰে আছো বাট চাই
কিজানি বা আহে ঘূৰি
ছায়াচ্ছন্ন হৃদয়ত ৰশ্মিৰ ঝঞ্ঝা !
সময়ৰ সন্ধিক্ষণত তথাপি
লিখি যাম জীৱনৰ
বহু কবিতা !!
📝বিনিতা বৰা
হোজাই জিলা
লংকা {কাকী-৩
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ