বৰষুণত তিতো আহাঁ

©Admin
0
বৰষুণত তিতো আহা
ৰ'দে দহি নিয়া  দেহা
খামুচি বহু দিন 
লুকাভাকু খেলিলি ৷

ভটিয়াই নাযাবি
অ মোৰে লাহৰী
জোনে বজাব প্ৰেমৰ বাঁহী
তৰাই বজাব  হাত চাপৰি
ধৰাই গাৱ প্ৰণয়ৰ গানটি ৷

শুকুলা আকাশৰ তলত বহি
আঁকিম আমাৰ জীৱন ছবি
সুখ দুখৰে ৰং সানি 
 মোৰ হৃদয়ৰ অনুভূতি ৷

বৰষুণৰ বতৰ আজি
আহা নাচো তিতি তিতি
সাঁচি থম এই ক্ষণ
তোৰে মোৰে মধুৰ মিলন ৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)