ভাল ল'ৰা কাক কয়

©Admin
0


ভাল ল'ৰা কাক কয়
যিয়ে  শুই মুখ হাত ধোৱে
সেইজনেই ভাল ল'ৰা ॥

যি জনে মাকক
আমনি নকৰে
পুৱাই ব্যায়াম কৰে 
পুৱা  গা-পা ধোৱে
তেৱেঁই ভাল ল'ৰা ॥

যি ল'ৰাই 
নিজৰ ফলিপুঠি
সময়মতে লয়
সি ডাঙৰ মানুহ হয় ॥

যি ল'ৰাই ডাঙৰক সন্মান
শিক্ষকক ভক্তি কৰে
তেৱেঁই গুণৱান ল'ৰা হয় ॥

সহপাঠীক বন্ধুৰ দৰে ভাৱে, 
যি সমাজৰ  দুখীয়াক
পুতৌ কৰিব জানে
তেওঁ সৰ্ব্বতো প্ৰকাৰে সমাজত 
জনপ্ৰিয় হয় ॥

ভাল ল'ৰাই ভাল কাম কৰে
ভাল কাম কৰে যি 
সি বহুত ডাঙৰ মানুহ হয় ॥

📝 মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)