টোলগেট নং ০২

©Admin
0
টকৌ গছত হলৌ উঠি
   জৌ জৌ কৈ সৰাই দিয়া
   নিয়ৰৰ টোপালবোৰ খাবলৈ
  তলত মুখ মেলি ৰৈ থকা
  পাতিহাঁহ বিলাকে
  পেক্ পেকা্ই থাকিলে
   হলৌৰ কাণত নপৰে  ৷
   টকৌত উঠা হলৌ
   শতকাই নানামে  ৷
  ৰ'দলৈ মুখমেলা পাতিহাঁহৰ
  জিভা শুকাই
  ডিঙি কৰকৰিয়া মাৰিলে  ৷
  জোক পিছল গাতত
  টকৌ সৰিব
  তাকে হাঁহবোৰে
   পানী খোদেলি খাব  ৷
  দিম ৰহ খাবি ৰহ
  ৰৈ থাকচোন থাক  ৷
  কিমাননো সময়  ৷

 📝হেমেন হাজৰিকা
             মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)