ৰঙা গোলাপ

©Admin
0
ফঁটিক  নিয়ঁৰ সনা
 গোলাপৰ পাহিত
 জিলিকিছে মুকুতা মণি,
সকলোৰে মুখত
তোমাৰেই অমৰ বাণী।
নিছিঙি নোৱাৰিছোঁ
ৰঙা গোলাপৰ কলি,
হেঁপাহৰ ৰঙা গোলাপ 
  তোমালৈ বুলি।
গোলাপৰ গন্ধৰ পৰশত
 দেহ মন আমূল মূল,
তোৰ বাবেই আজি
সকলো মচগুল।
নাচিব লাগিছে 
অপেশ্বৰীয়ে ও
তোৰেই পৰশ পায়,
এজাৰ ,নাহৰ,পলাশেও যেন
তোৰেই গুন গায়।
হেঁপাহৰ ৰঙা গোলাপত
অযুত সপোন ৰ কল্লোল।
তোৰ ৰূপতেই আজি
জগত বিভোল।

📝নাৰায়ন বৰা,লংকা কাকী-৩
জিলা: হোজাই( অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)