কলম

©Admin
0
   এক মহাঅস্ত্ৰ
              অহিংসাৰ অস্ত্ৰ 
  সত্যৰ পথেৰে
       আগমন মোৰ ;
       এক বিজয় গাথালৈ।
                    শব্দৰ সৈতে যুঁজি
  অন্ধকাৰ জগতক
 এগছি শান্তিৰ বন্তিৰে
  কৰিম উজ্বলময়।
হিংসা_ অত্যাচাৰ_দুৰ্নীতিৰ  ব্যাধি
বিঘ্নিত কৰে জাতিৰ প্ৰাণ ।
 এই মহাঅস্ত্ৰৰে ; 
অন্ধকাৰ জগতৰ     
নিদ্ৰিত প্ৰহৰীক
      কৰি প্ৰহাৰ 
      আনিম ঘূৰাই
এক অমীয় সুখৰ ঠাই।
 নালাগে অল্পশান্তি,
    ক্ষুদ্ৰ বিশ্বাস
  লাগে মাথোঁ এক 
অহিংসাৰ ধাৰা
 চিৰ শান্তিৰ আভাষ ।

 ‌📝ভাৰতী নায়ক 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)