কৃষ্ণচুড়া কেইজোপাৰ তলতেই প্রথম দেখা
উজ্জ্বল এটি মিঠা হাঁহি তাইৰ
চঞ্চল কাজলসনা নয়নযুৰি ,
তাইক প্রায় কৃষ্ণচুড়াৰ তলতেই দেখাপাঁও,
কিবা যেন বিচাৰি ফুৰে তাই
কৃষ্ণচুড়াৰ দেশখনত!!
হয়তো অতীতৰ কিছু স্মৃতি |
কেতিয়াবা তলসৰা পাতবোৰ লৈ
তাই আবেগিক হৈ পৰে,
হয়তো কোনোবা আপোনাজনৰ অনুপস্থিতিত
নিসংগতাই হৃদয়ত বিন্ধি দিয়া বিষবোৰ |
তাইৰ হাঁহিবোৰ কেতিয়াবা
কৃত্রীমতা লুকাই থাকে,
তথাপিও তাই হাঁহিবলৈ এৰা নাই,
তাইক এটিয়া অলপ মৰমৰ প্ৰয়োজন
শুকান হৃদয় খনক জীপাল কৰিবলৈ |
তাই কাৰোৱাৰ অপেক্ষাত ৰৈ আছে ,
তাই হয়তো নাজানে অপেক্ষাবোৰ
মূল্যহীন আৰু বেদনাদায়ক !
দুভৰি থমকি ৰয় তাইৰ
কৃষ্ণচুড়াৰ তল পালে,
এৰি দিয়ে এটি বিষাদভৰা হুমুনিয়াহ |
🖊 লক্ষ্যজিত চহৰীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ