গল্প জীৱনৰ যন্ত্ৰণা আৰু আশাৰ সংমিশ্ৰণ

©Admin
0

যন্ত্ৰণা,এই শব্দটিৰ সৈতে সৈই পৰিয়ালটো নতুনকৈ জড়িত হোৱা বা চিনাকি হোৱা তেনে নহয়। মুঠ ৫জন সদস্যৰে পৰিপূৰ্ণ পৰিয়ালটোত মাক-দেউতাক, ল'ৰা আৰু ছোৱালী দুজনী।দিন হাজিৰা কৰা দেউতাকৰ ওপৰতেই সকলো সম্পূৰ্ণ নিৰ্ভৰশীল, ল'ৰাটো সৰু যদিও ছোৱালী দুজনীৰ পঢ়া-শুনাৰ টকা- পইচা যোগাৰ কৰাকে  সকলো দায়িত্ব তেওঁৰ।মাকৰ শৰীৰত দেখা দিয়া ৰোগৰ উন্নত চিকিৎসা এতিয়ালৈকে কৰিবলৈ সক্ষম হোৱা নাই একমাত্ৰ টকাৰ অভাৱত।দেউতাক যেন বিমোৰ কি কৰিব,কি নকৰিব হাতত থকা সেই সামান্য টকা কেইতাৰে,যদি তেওঁ সকলো খৰচ কৰে তেতিয়াও ল'ৰা ছোৱালীৰ একো যোৰা মাৰিবকে নোৱাৰিব এইবুলি চিন্তা কৰি কৰি উপায়হীন অৱস্থাৰ সম্মুখীন হৈছে তেওঁ। পিছে ঘৰৰ ছোৱালী দুজনী পঢ়া-শুনাত যথেষ্ট আগবঢ়া,ডাঙৰ ছোৱালীজনী এইবাৰ স্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীণ হ'ব, সেয়ে তাইৰ ক্ষেত্ৰতো বহু খৰচে দেখা দিছে, কিতাপ-পত্ৰ ক্ৰয়ৰ উপৰি হোষ্টেলৰ ভাড়া ইত্যাদি দিবৰ বাবে,তাই এইদৰে খৰচবোৰৰ কথা দেউতাকক কবলৈ সংকোচ কৰে ,কিয়নো তাই দেখিছে দেউতাকৰ চিন্তা আৰু ঘৰ খনৰ সমস্যাবোৰ। মাজে সময়ে দেউতাকে কাম নাপালে সিহঁত সকলোৱে প্ৰায় লঘোণেই দিন কটাবলগীয়া হয়।
   এইদৰে দুৰ্দশা, অভাৱ তথা ভিন্ন সমস্যাৰ কবলত ভাহি থকা পৰিয়ালটোৰ বাবে এক আশাৰ ৰেঙণী আহিলে, স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত উৰ্ত্তীণ হৈ ছোৱালীজনীয়ে ঘৰৰ ওচৰৰে প্ৰাথমিক বিদ্যালয়খনত শিক্ষয়িত্ৰী পদৰ বাবে আবেদন কৰি সেই বিদ্যালয়তে শিক্ষকতা আৰম্ভ কৰে। পানীত হাঁহ নঁচৰা অৱস্থাৰ সম্মুখীন হোৱা পৰিয়ালটোৱে যেন কথমপি উদ্ধাৰ হৈছে।মাক দেউতাকৰ যি কষ্ট, পৰিয়ালৰ সকলোৰে যি ত্যাগ আৰু সমস্যাই লগ নেৰা সিঁহতৰ পৰিয়ালটোৱে যেন সকাহ অনুভৱ কৰিছে।তাইৰ সেই প্ৰাপ্তিত সকলো আনন্দত আত্মহাৰা হৈ পৰিছে। লাহে লাহে তাই উপাৰ্জন কৰা টকাৰে সকলো অভাৱ পূৰণ কৰিবলৈ চেষ্টা কৰিলে আৰু মাকক ভাল চিকিৎসাৰ ব্যবস্থা কৰি সুন্দৰ জীৱন- যাপনৰ আৰম্ভ কৰিছে। যদিও তাই সফলতা নিজৰ শিক্ষা আৰু জ্ঞানেৰে হৈছে তথাপি তাই নিজৰ পৰিয়ালৰ মাজত দেখা পোৱা যন্ত্ৰণা আৰু মাক দেউতাকে তাইক লৈ দেখা সপোন আৰু আশাই তাইক এক প্ৰতিস্থিত,উদ্যমী আৰু সফল ব্যক্তি ৰূপে প্ৰতিষ্ঠা কৰালে।

  ✍️ ময়ুৰী শইকীয়া
      যোৰহাট।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)