জনগোষ্ঠীয় সমন্বয় আৰু অসমীয়া জাতীয়তাবাদ

Rinku Rajowar
0
   
   ʼঅসম  আমাৰ ৰূপহী গুণৰো নাই শেষ 
          ভাৰতৰে পূৰ্ব্ব দিশৰ সূৰ্য্য উঠা দেশ ʼ
        
        হিমালয়ৰ পাদদেশত, ব্ৰহ্মপুত্ৰ উপত্যকা আৰু আৰাকান পাটকাই পশ্চিম- দক্ষিণ দিশত ২১.৫ - ২৭.৩ ডিগ্ৰী দ্ৰাঘিমাৰ অন্তভূৰ্ক্ত এক বিস্তৃণ  আৰু খলপীয়া ভূখণ্ডৰে মিশ্ৰিত অথচ সৌহাদ্যপূৰ্ণ জনসমুদায় দেশ এই খন অসম।  অসমীয়া সমাজ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি।  চিৰপ্ৰবাহমান মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সমন্বয়ৰ ভেটিত গঢ়ি উঠা এই জাতি সমগ্ৰ বিশ্বৰ ভিতৰতে অন্যান্য  ।  ʼʼঅনৈক্যৰ মাজত ঐক্য ʼʼৰ সৃষ্টিৰ  মহান নিদৰ্শন আগবঢ়োৱা অসমীয়া জাতিক কোনো এটা বিশেষ ধৰ্ম বা সংস্কৃতিৰ ঠাঁচত বিশ্লেষণ কৰিব নোৱাৰি ।  
       
        বিশেষকৈ জনগোষ্ঠী বা জনজাতি বুলিলেই আমাৰ মনলৈ আহে যে  যিসকলে এক নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত বসবাস কৰাৰ লগতে  একেধৰণৰ বৃত্তি অবলম্বন কৰে, একে ধৰ্ম  আৰু একে ৰীতি -নীতি পালন কৰাৰ লগতে এটা অন্তবিবাহ গোট হিচাপে বসবাস কৰে  তেনে এক প্রজাতীয় জনসমষ্টিকেই জনগোষ্ঠী বা জনজাতি বুলিব পাৰি  । প্ৰায়বোৰ জনগোষ্ঠীৰে একোটা  পৰম্পৰাগত বৃত্তি থাকে বা নিজা নিজা সমস্যা সমাধানৰ একোটা সংগঠন থাকে। পৰ্বত - পাহাৰ , দূগম অঞ্চলত বসবাস কৰা এই জনগোষ্ঠীয় লোকসকলে বিশেষকৈ সামাজিক অনুষ্ঠানত সাংস্কৃতিক মানদণ্ড মানি চলে । ইয়াৰ উপৰিও সমগ্ৰ জনগোষ্ঠীক একত্ৰিত কৰি ৰখাৰ মূল ক্ষেত্ৰতো হৈছে ʼযুবগৃহ বা ডেকাচাংʼজনজাতি ভেদে যুবগৃহৰ নামো ভিন্ন হোৱা দেখা যায় যেনে - মিকিৰ সকলৰ মাৰু,  নগাসকলৰ মুৰং আৰু ভুটীয়া সকলৰ ধবং।  এইসমূহৰ উপৰিও বিভিন্ন উৎসৱৰ সময়ত এখন গাঁৱৰ ৰাইজে অন্য গাওঁৰ ৰাইজক জনোৱা নিমন্ত্ৰণীয়ে  ইজনে সিজনৰ প্ৰতি আত্মিক মিলনৰ সেতু মজবুত কৰি সূদীঘায়ু  কৰি তুলিছে। বিশেষকৈ  জনগোষ্ঠীয় লোকৰ মাজত থকা পাৰ্থক্য আৰু  জীৱন নিৰ্বাহৰ মানদণ্ডৰ কিছু ভেদাভেদ  থকাৰ বাবে বিভিন্ন সময়ত সংঘাতৰ সৃষ্টি হয়। কিয়নো সকলো  জনগোষ্ঠী  বা জনজাতিয়েই নিজা জনজাতিৰ প্ৰতি  আত্মকেন্দ্ৰিক আৰু গোঢ়া আছিল, যাৰ ফলস্বৰূপে ভিন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হব লগা হয়। এনে বহু বাধা, সমস্যা তথা সংঘাত  আহোম সকলৰ আগমনে বাৰুকৈয়ে  প্ৰভাৱ পেলাইছিল । আহোমৰ শাসনৰ পাছৰেপৰা  স্বগদেউ সকলে সৰু - বৰ জনগোষ্ঠীক একত্ৰিত কৰি বৃহত্তৰ অসমীয়া জাতি গঢ় দিয়ে। 
        
         এটা কথাও ঠিক যে আহোমসকলৰ দিনত যদিওবা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ সূচনা হয় তথাপি শ্ৰী মন্ত শংকৰদেৱ আৰু নৱবৈষ্ণৱবাদী আন্দোলনেও সকলো জাতি জনগোষ্ঠীক ধৰ্মীয় দিশৰ পৰা একগোট কৰি আনিছিল । এইয়াই আছিল বৃহত্তৰ অসমৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আৰম্ভণি। ইয়াৰ পৰবতী সময়ৰ পৰা অসমীয়া জাতিৰ পৰিসৰ ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰে ,যদিও বিট্রিছৰ আগমনৰ সময়ৰ পৰা অসমীয়া জাতিৰ পৰিসৰ ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰে। ঔপনিৱেশিক শাসনৰ অধীনত বিস্তৃতি লাভ কৰা বাণিজ্যিক ক্ষেত্ৰখনৰ যোগেদি অসমীয়া সমাজত অন্তগত হল অন্য কিছু নব্য ভাব -সংস্কৃতিৰ বিষয়বস্তু।  বিট্রিছৰ শাসন কালত আৰম্ভ হোৱা খাৰুৱা তেল আৰু কয়লাৰ অন্দ্বেষণ লগতে চাহ ব্যৱসায়ৰ অগ্ৰগতিৰ মাধ্যমেৰে অসমলৈ কিছুমান নতুন শ্ৰেণীৰ লোকৰ প্ৰবজন ঘটিল। নতুন ভাষা সংস্কৃতিৰ লগতে অন্য দিশত লাহে লাহে  বলিবলৈ ধৰা পৰিবত‌ন বতাহজাকে অসমীয়া সমাজখনক বাৰুকৈয়ে  প্ৰভাৱ পেলাইছিল। এনেদৰে অসমলৈ প্ৰব্ৰজনকাৰী আহোতে কোনো সংঘাত নাছিল তেনে নহয়। কিন্তু কেন্দ্ৰীভূত ঔপনিৱেশিক শাসন ব্যৱস্থা আৰু খিলনজীয়া অসমবাসীৰ উদাৰ, সহৃদয়মূলক মনোভাৱৰ পৰিপেক্ষিততেই এনে সংঘাতবোৰৰ বহিপ্রকাশ  হোৱা নাছিল। 
        
          ব্রিট্রিছ শাসনৰ কবলৰ পৰা ভাৰতবৰ্ষই মুক্তি পাবৰ বাবে যি আন্দোলনৰ সূত্ৰপাত হৈছিল  তাত অসমৰ ভূমিকা অন্যতম।  সেইসময়ত ভালেকেইজন অসমীয়া বীৰ বিৰাংগনাই  দেশৰ হকে প্রাণ আহুতি দিছিল ,সেই সকলৰ ভিতৰত  কুশলকোৱৰ, কনকলতা, মণিৰাম দেৱান আদি বহু বৰণ্য ব্যক্তি। এই সুদীৰ্ঘ ২০০ বছৰীয়া শাসনকালৰ পৰা ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষ  ই  স্বাধীনতা লাভ কৰে। কিন্তু স্বাধীনতা লাভৰ পাছৰে পৰা  অসমীয়া জাতি ক্ৰমান্বয়ে অগ্নিপৰীক্ষাৰ  সম্মুখীন হবলৈ ধৰে। যুগযুগান্তৰ ধৰি অসমীয়া সমাজত চলি অহা সংস্কাৰসমূহ  গভীৰ প্রতাহবানৰ  সন্মুখীন হবলৈ ধৰিলে।  উগ্ৰ জাতীয়তাবাদ আৰু ৰাজনৈতিক পৃষ্ঠপোষকতাৰ পৰিপ্ৰেক্ষিতত  গঢ় লৈ উঠা উৎকট জ্যাতভিমানে অসমীয়া জাতিৰ পৰিকাঠামো ক্ৰমাৎ দুৰ্বল কৰি আনিলে ।  ইয়াৰ লগে লগে অসমীয়া সমাজত প্ৰচলন হৈ থকা জনগোষ্ঠী সমূহৰ ঐক্যৰ লগতে অন্য  সামূহিক দিশতো ঘুণে ধৰিবলৈ ধৰিলে । এনে অৱস্থাৰ সুযোগ লৈ ৰাজনৈতিক ধুৰন্বৰ নেতা সকলে  অসমভূমিক  সন্তপৰণে  বাংলাদেশীৰ  চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰি পেলালে ।  লাহে লাহে  অসমভূমিলৈ আগমন হোৱা এই প্ৰবজনকাৰীৰ সোত ৰোধ কৰিবৰ বাবে  বহুসময়ত জাতীয়তাবাদী  চেতনা জাগি উঠিছিল ।  তেনে চেতনাৰ অংশস্বৰূপেই সৃষ্টি হৈছিল ঐতিহাসিক ʼঅসম আন্দোলনʼ । এইআন্দোলনে  অকৌ এবাৰ অসমৰ সকলো জাতি -জনগোষ্ঠীকে ওচৰ চপাই অনাৰ লগতে সৰ্বজননীন জাতীয়তাবাদৰ উম্নেষ ঘটিছিল  ।  কিন্তু দূভাগ্যবশত  যে এই  আন্দোলন শেষ নৌহওঁতেই  অসমৰ জাতি জনগোষ্ঠীৰ লোকসকলৰ সম্রীতিত পুনৰ  ঘুণে ধৰে ।  বিশেষকৈ একাংশৰ ক্ষমতা লোভী মনোভাৱ ,উগ্ৰ জাতীয়তাবাদ আৰু নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহৰ ফলতেই পুনৰ বিনস্ত হল অসমীয়া জাতিৰ ঐক্য  । 
    
       তদুপৰি ৰাজনৈতিক ধ্যান  - ধাৰনাৰ পৰিপ্ৰেক্ষিতত অসমীয়া সমাজ জীৱনে আৰু কিছু জটিল আৰু সংকট অৱস্থাৰ সম্মুখীন হব লগা হয়  । ইয়াৰউপৰি  অসমৰ জনগাঁথনিত যি দ্ৰুত পৰিবৰ্তন  ঘটিছে তাক চাই আমিনো কেনেকৈ নিশ্চিত হও । ১৯৯৬ চনত অসম বিধান সভাৰ নিৰ্বাচনত যমুনামুখ সমষ্টিত কামালুদ্দিন নামৰ এজন পাকিস্থানী নাগৰিকে প্রতিদন্দিতা কৰাৰ কথা ধৰা পৰাৰ পিছত গুৱাহাটীৰ উচ্চতৰ ন্যায়ালয়ৰ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া বিচাৰপীঠে প্ৰদান কৰা ৰায়টোত কোৱা হয় যে - ʼʼit can happen only in Assam ʼʼ কথাটো একেবাৰে   মিছা নহয়  । কিয়নো অসমৰ নিচিনা ৰাজ্য এখনত যʼত শাসক গোষ্ঠীয়ে  নিৰ্বাচনত  জিকিবলৈ, নিজৰ ভোটবেংক বৃদ্ধি কৰিবলৈ দেশৰ স্বাৰ্থক জলাঞ্জলি দিয়ে তেনে ৰাজ্যত এইয়া হোৱাটো স্বাভাৱিক কথা  ।  এই খবৰ প্ৰচাৰিত হোৱাত ছাত্রসণ্ঠাৰ দৰে জাতীয়তাবাদী সংগঠনে তীব্ৰ আন্দোলনৰ কায্সূচী ৰূপায়িত কৰা দেখা যায়  ।  ইয়াৰ উপৰিও অসমলৈ আগমন হোৱা প্ৰবজনকাৰী সমস্যা সমাধানৰ বাবে বহুক্ষেত্ৰত জাতীয়তাবাদী ভাবধাৰা জাগি উঠে ।  সেয়ে বহুলোকে মন্তব্য কৰে যে,  শংকৰ -আজানৰ দেশত  হিন্দু  মুছলমানৰ বিৰোধিতা নহয়  দেশী  আৰু  বিদেশীৰ বিৰোধীতাত মন কেন্দ্ৰীভূত হোৱাটো উচিত ।  বিদেশী লোকৰ বেআইনীভাৱে হোৱা প্ৰৱজনৰ মূলতে সুবিধা দিয়া ৰাজনৈতিক ক্ষেত্রখনে অসমীয়া জাতি -জনগোষ্ঠীটোক এক বিৰাট সংকটৰ সন্মুখীন কৰাইছিল  । গতিকে এনে অৱস্থাত অসমীয়া জাতীয়ে পুনৰ জীবিত ৰূপত প্ৰকাশ পাবলৈ অসমত বাস কৰা সকলো জাতি -জনগোষ্ঠী  একত্ৰিত হোৱাতো সময়ৰ দাবী । নিজ নিজ ক্ষুদ্ৰ স্বাৰ্থক একাষৰীয়া কৰি বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠীৰ একতাক সুদীৰ্ঘ তথা মজবুত কৰি তুলিলেহে এনে ভিন্ন সমস্যাৰ সন্মূখত থিয় হৈ জাতি জনজাতিৰ ঐক্যতা অখূন্ন ৰাখিব পাৰিব ।এনেদৰে সকলো লোকেই অসমীয়া জাতীয়তাবাদী মনোভাৱৰ বিকাশ ঘটাই নিজৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ হেতু আগবাঢ়িব লাগিব । 

            সাম্প্ৰতিক কালতো এনে ভিন্ন বিভেদগামী ৰাজনৈতিক নেতা তথা সেই ক্ষেত্ৰৰ ভাৱ পৰিস্ফুট হয় যদিও ৰাজনৈতিক ৰণকৌশলবোৰক ওফৰাই পেলাবলৈ প্রয়োজন হৈছে যৌথ সংগ্ৰামী মানসিকতাৰ ।
অনৈক্যৰ মাজত ঐক্যৰ  অদমনীয় প্ৰাণ -প্রাচুয্ক শক্তিশালী আৰু যথাযথ ৰূপত প্ৰতিষ্ঠা কৰিব পাৰিলেহে অসমীয়া জাতি বাচি থাকিব । 
   
       কবি নীলমণি ফুকনে লিখি যোৱাৰ দৰে অসমীয়া ৰাইজে অনিশ্চয়তাৰ বোজা আৰু লʼব নিবিচাৰে। 

কবিৰ ভাষাত -
     ʼটায়াৰ পোৰা গোন্দ্বাইছে
       সেয়া আকৌ একেটা শব্দকে শুনিছোঁ
        কোনে কʼব  বেলিটো কাইলৈ 
         ৰঙা হʼব নে কʼলা হৈ ওলাব।।। ʼʼ

✍️ ময়ূৰী শইকীয়া ,যোৰহাট ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)