হেঁপাহৰ ঢৌ

©Admin
0
মোৰ বুকুত এতিয়া 
উঠিছে হেঁপাহৰ ঢৌ ।
চিনাকি বাটেৰে এখোজ দুখোজ কৈ
যেতিয়া আগুৱাই যাওঁ 
শীতৰ কুঁৱলী ফালি 
দিবা নে তুমি মোক এষাৰ মাত ?
নিগাজি কৈ ৰাখিছো মই
মোৰ হৃদয়ৰ মাজত
তোমাৰ পুৰণি কলিয়া স্মৃতি বোৰ ।
বহু দিন হ'ল
দুটা বসন্ত বাগৰি গ'ল 
সময়ৰ সোঁতত হেৰাই গ'লা তুমি ।
এন্ধাৰ কোঠাত নীৰৱে বহি বহি ভাবোন্মত্ত মই ।
বহু আঁকোৰগোজ হৈয়ো
উমান বিচাৰি পোৱা নাই তোমাৰ ।
বহু অন্বেষণ কৰোঁ মই ।
অহুকাণে পহুকাণে এতিয়া শুনিছো মই
আঁকৌ আহিলা তুমি আমাৰ গাঁৱলৈ ।
কাহিলিপুৱা শীতৰ কুঁৱলী ফালি
যাম মই তোমাক ল'গ পাৱলৈ ।
তৎকালীন দিবা নে তুমি মোক মাত ?
হেঁপাহেৰে উজাগৰী নিশা 
পাৰ কৰি আছো মই
তোমাৰ সেই মৌ মিঠা মাত এষাৰ পাবলে ।
এতিয়াও মোৰ বুকুত বৈ আছে
সেই পুৰণি কলিয়া হেঁপাহৰ ঢৌ বোৰ ।
এতিয়া মই বহু অপেক্ষাত আছো
তোমাৰ এষাৰি মৰমৰ মাত পাবলে ।

  📝বিনিতা বৰা
     হোজাই জিলা
    লংকা কাকী-৩

                
                  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)