শিয়ালৰ গাতত পানী

©Admin
0
   শিয়ালবোৰ  গাতৰ পৰা
  ওলাই পিনপিনাই ফুৰিছে  ৷
 
  হাটে বজাৰে
  দপদপাই ফুৰিছে
  গাতত পানী সোমাইছে  ৷

   পালি পহৰীয়া লগত লৈ
   পথত ধৰ্ণা দিছে
   আমাক ঘৰ দিয়ক
   আমাক খাদ্য দিয়ক
   নিৰাপত্তা দিয়ক
   আমাৰ দাবী..

  শিয়ালৰ ভয়ত
  ত্রস্তমান সময়  ৷

   সাৱধানে ফুৰিব
  শিয়ালে আচুৰিব
  শিয়াবোৰ গাতৰ পৰা 
 ওলাই আহিছে
শিয়ালৰ গাতত পানী সোমাইছে  ৷

  📝 হেমেন হাজৰিকা
              মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)