দিগন্ত বিয়াপি মাটি আৰু মানুহৰ সমন্ধ
মাটিতেই বিলীন হয় মানৱী দেহা ...
পৰ্বতে- পাহাৰে বাজে সমদলৰ পদধ্বনি।
সময়ৰ যান্ত্ৰিকতাত পৰি ..
পুৰ কৰিছে মনৰ তৃষ্ণা...
সীমাহীন প্ৰশ্ন বুকুত...
নিষ্ঠুৰ সময়ৰ নিৰৱতাত।
মানুহ হোৱা....
হৃদয়ৰ মানুহ...
বিলুপ্ত নকৰিবা আমাৰ গৌৰৱৰ...!!
জীৱশ্ৰেষ্ঠ উপমাত চেকা নাহানি
আশা -প্ৰত্যাশাৰ বিশাল সাগৰলৈ
সাজি দিয়া মিলনৰ সেতু ...।
চিৰ লুইতৰ উদ্যম গতিত
নতুন সপোন গঢ়িব খোজো আমি...
বৰষুণৰ টোপালবোৰৰ স্পৰ্শত
নিৰ্জীৱ , নিস্তব্ধ হৈ পৰা সকলোবোৰ
কৃষকৰ নতুন সপোন....!!
মাটি আৰু মানুহেই ৰচিব
সংগোপনে বিশাল সোঁতৰ লগত
আঁউসীৰ মেঘবহুল আকাশত ...
ৰামধেনুৰ আঁৰে আঁৰে ...
সেউজীয়া পৃথিৱী...
অপেক্ষা মাথো নতুন প্ৰভাতৰ...!!
শেষ কৰি ভেদাভেদৰ ছাঁয়া
সময়ৰ এৰাসুঁতিত নতুন দিগন্তৰ আভা
দুখৰ ক্ষণবোৰৰ সেউজীয়া আশাৰ
এখনি গাওঁ...!!
চিৰ প্ৰবাহিত লুইতৰ বুকুত
ৰক্তৰে ৰঞ্জিত নকৰি শান্তি সিঁচি দিয়া
দুৰ হওঁক মাটি আৰু মানুহৰ সংঘাত।
📝ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ