ভোক আছিল যেতিয়া
তেতিয়াই খাবলৈ নাপালে সি
ভোকে পশ্চিম দিগন্তত অৱতৰণ কৰিছে ক্ৰমে
এতিয়া সসাগৰা পৃথিৱীৰ সমস্ত সৌন্দৰ্য্যই আহিছে খেদি
মোক খা মোক খা কৰি
সৌভাগ্য উদয় হৈছে বুলিয়েই কব লাগিব
কিন্তু হ'লে কি হ' ব
ডুবিবলৈ ধৰা বেলিৰ ৰশ্মিৰ দৰেই
নিস্তেজ পৰি গৈছে মনৰ অদম্য শক্তি
লোভনীয় সেন্দুৰীয়া আমতো নোহোৱা হৈছে আসক্তি।
সময়ৰ শৰ সময়ত মাৰিব নোৱাৰিলে
সকলো অসাৰ
ভোকৰ সময়তে নাপালে ভাত
ভোক যোৱাৰ পিছত সুস্বাদু আহাৰৰ কি প্ৰয়োজন
চপায় কোচাই আনিলেও খাবতো নোৱাৰে
মিছাতে হ'ব গৈ আনৰ ভোজন
সেয়েহে আপদ নচপোৱাৰেই সিদ্ধান্ত লৈ
হৈ পৰিল সি সাধু, ঈশ্বৰ পৰায়ন।
কবি যতীন্দ্ৰ নাথ দুৱৰাই লিখিছিল,
"গোটোৱা গোলাপ কলি
থাকোতে সময় সখি
জীৱনৰ সোঁত বলি যায়।
যিটি ফুলে হাঁহি আজি
ফুলনি ফুলাই তোলে,
কালিলৈ পাহি মেলি নেহাঁহে দুনাই
সময়ৰ সোঁত বলি যায়। "
এৰা চোৰ গ'লে বুদ্ধি
বৰষুণ গ'লে জাপিৰ কি প্ৰয়োজন
সময়ৰ শৰ সময়ত মাৰিব নোৱাৰিলে
আশাক বুকুত লৈয়েই হ'বগৈ মৰণ।
📝ব্ৰহ্মদেৱ গোস্বামী
সুন্দৰ কাব্যিক উপস্থাপন ।
ReplyDelete