ৰাভা সকলৰ অনন্য কৃষ্টি দেওধ্বনী-০৫

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা
 তৃতীয় নিশাত মানে ভৰমাৰেৰ নিশা বেউলা-লখিন্দাৰৰ কাহিনীত হলখাইৰ জন্মৰ পৰা আৰম্ভ কৰি বিবাহ, সৰ্পদংশন, ভেল ভটীয়নী আৰু দেবপুৰীলৈ গৈ লখাইক জীয়াই কোলালৈকে দীঘলীয়া বৰ্ণনাৰে গীত পৰিবেশন কৰা কালতে দেওধ্বনী 
আকৌ দকঁত পৰিবলগীয়া হয় | প্রথমবাৰ ছাঁয়াদক | বেউলা লখিন্দাৰৰ বিবাহ স্থলীত পদ্মাৱতীয়ে মায়াসৰ্প দেখুৱাই লখাইক অচেতন কৰে | তেতিয়া দেওধ্বনীয়ে লখাইৰ ভূমিকাত দকঁত পৰে | তাৰ পিছত মেৰঘৰৰ ভিতৰত থকা সময়ত লখাইক সৰ্প দংশন কৰাত মৃত লখাইৰ ভূমিকাত আকৌ শেষ বাৰৰ বাবে দেওধ্বনীয়ে দকঁত পৰে | ইয়াকে ভৰ দ্কঁ বা লখাইদকঁ বোলে | এইবেলি লখাইক জীয়াই তোলোতে বহু সময় লাগে | সেয়েহে লখাইৰূপী দেওধ্বনীও বহু সময় অচেতন হৈ পৰি থাকে | ভৰদকঁ তোলাৰ পিছত চান্দৰ ছয়পুত্রক জীয়াই তোলা , বাৰ ডিঙা উদ্ধাৰ , ঘৰলৈ প্রত্যাবৰ্তন প্রভৃতি গীতৰ পিছত বলি বিধান হয় | সেই সময়ত দেওধ্বনীৰ কাৰ্য ভয়াবহ হয় | তেওঁ ৰণমূৰ্তি ধাৰণ কৰি খোলা চুলিৰে আউল বাউল হৈ উন্মাদিনীৰ বেশেৰে নাচিবলৈ ধৰে | বলিৰ শেষত বিসৰ্জন হয় | বিসৰ্জন পিছত ডুমুনীবেশী দেওধ্বনীয়ে নাচে | এইখিনি লৈকে দেওধ্বনীৰ কাৰ্য মাৰে পূজাত থাকে | অবশ্যে চান্দই পদ্মাবতীক পূজা কৰা পিছতহে ভৰমাৰেৰ সামৰণি পৰে |
   বৰ্ত্তমানে জনমানসৰ পৰা পুৰণি ধ্যান ধাৰণা আতৰিছে | ফলস্বৰূপে দেওধ্বনীৰ অলৌকিকতা নাইবা অপৰিসীম কাৰ্যৰ প্রতি মানুহৰ বিশ্বাস বেলেগ হৈ পৰিছে | আৰ্থিক দিশতো জনসাধাৰণ জুৰুলা হৈছে | সেয়েহে প্রত্যেক বছৰে মাৰে পূজা কৰাটোও কঠিন হৈছে | প্রতি তিনি বছৰৰ মূৰে মূৰেহে ঠাই বিশেষে মাৰে পূজা কৰে | সেইদৰে দেওধ্বনীৰ সংখ্যাও প্রায় হ্রাস হৈ পৰিছে | তথাপি বকো বামুণি গাঁও অঞ্চলৰ ৰাভাসমাজত মাৰেপূজা, মাৰেগীত, আৰু দেওধ্বনীৰ প্রভাব তেনেই লোপ পোৱা নাই | সময় থাকোতেই এই সকলোবোৰ তথ্য সংগ্রহ আৰু সংকলন কৰিব পাৰিলে লোক সাহিত্য সংস্কৃতিৰ এটি মহান সমল সংৰক্ষিত হৈ ৰ'ব |
         সমাপ্ত
     
📝হেমেন হাজৰিকা
              মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)