দেৱী পূজা ~০৪

©Admin
0
  যোৱা সংখ্যাৰ পিছৰ পৰা...
আই থানৰ পশ্চিমে কিছু নামনিত কামাখ্যা থান | তাতো কোনো মন্দিৰ নাই | অনাদি কালৰ পৰা প্রায় ৮০ ফুট দীঘল ৫০ ফুট বহল প্রকাণ্ড শিল এটা হেলনীয়াকৈ পাহাৰৰ গাতে ভেজা দি আছে | তাৰে তলত কামাখ্যা দেৱীৰ পূজা হয় | তাতো একো মূৰ্তি নাই | তান্ত্রিত পদ্ধতিত দেৱী পূজা হয় | তাত বলি বিধান হয় | এটা পঠা ছাগলী, তিনিটা মুৰ্গী ৰাইজৰ ফালৰ পৰা আগবঢ়াই বলি দিয়া হয় | ব্যক্তিগতভাবেও মানুহে পঠা পাৰ মুৰ্গী প্রভৃতি সৈ থোৱামতে তালৈ নি দেৱীলৈ আগবঢ়ায় | তালৈ নিলে বলি দিয়া হয় | দিনৰ ভাগত পূজা সমাপ্ত হয় | তাত ৰাজহুৱা ভাবে ভোজভাত খোৱা হয় | খোৱাৰ অন্তত চোৱা পাত কেতিয়াও আতৰাই পেলোৱা নহয় | য'তেই খাই ত'তেই এৰি থৈ আহে | তেনেকৈ এৰি থৈ অহাৰ কাৰণ হ'ল----পূজাৰ ফলস্বৰূপে বৰষুণ অহাটো অনিবাৰ্য বিষয় | বৰষুণে চুৱা পাতবোৰ ধুই নিকা কৰিব | 
    কামাখ্যাৰ পূজা কৰা ঠাইৰ উত্তৰে প্রায় চাৰি পাঁচ টাৰ আঁতৰত শিলৰ মীজত এটা দ কুঁৱা আছে | কোনো দিনে নুশুকাই | আগতে তাৰ পৰাই পানী তুলি পূজাত ব্যৱহাৰ কৰা হৈছিল | বৰ্তমানে গোটেই বছৰে পাত পৰি আবৰি থকাত কুঁৱাৰ পানী ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে |
     পূৰ্ব্বতে আঘোণ মাহত ন-খোৱা উপলক্ষেও মানুহে থানত ব্যক্তিগতভাবে পূজা কৰিছিল | বৰ্তমানে আইথান, কামাখ্যা থান দুয়ো ঠাইতে পূজাৰ প্রচলন লুপ্তপ্রায় হৈছে | অৱশ্যে নামনিত থকা বুঢ়ালাঙা গোঁসাইঘৰত বহাগ, জেঠ, মাহত অনুষ্ঠিত লাঙা পূজাৰ সময়ত আই আৰু কামাখ্যাৰ নামত সুকিয়াকৈ পূজা ভাগ আগবঢ়ায় | আগলৈ•••
    
 📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)